East African Country Malawi Vice President:মাজ আকাশৰ পৰাই অন্তৰ্ধান হল এখন বিমান

বিমানত আছিল পূৰ্ব আফ্ৰিকান দেশ মলাৱীৰ উপ-ৰাষ্ট্ৰপতি ছাওলোছ ছিলিমাৰ সহ ১০ আৰোহী

malawi vice president

East African Country Malawi Vice President:

পূৰ্ব আফ্ৰিকান দেশ মলাৱীৰ আকাশত অঘটন। মাজ আকাশৰ পৰাই অন্তৰ্ধান হল এখন বিমান ৷ বিমান খনত আছিল পূৰ্ব আফ্ৰিকান দেশ মলাৱীৰ উপ-ৰাষ্ট্ৰপতি ছাওলোছ ছিলিমাৰ সহ ১০ আৰোহী ৷ ৰাজধানী লিলংৱে বিমানবন্দৰৰ পৰা উৰা মৰাৰ পিছতে সংযোগহীন হৈ পৰে বিমানবন্দৰৰ কন্টল ৰূমৰ স’তে ৷ আকাশৰ পৰাই হঠাতে সন্ধানহীন হৈ পৰা বিমানখনৰ সৈতে বৰ্তমানলৈকে কোনোধৰণৰ যোগাযোগ কৰিব পৰা নাই বিমানবন্দৰ কৰ্তৃপক্ষই ।

উল্লেখ্য যে, মলাৱীৰ উপ-ৰাষ্ট্ৰপতি ছাওলোছ ছিলিমাৰ সহ ১০ চৰকাৰী শীৰ্ষ ১০ গৰাকী বিষয়াই মঙলবাৰে পুৱা ৯ বজাত অভিশপ্ত বিমান খনৰে উৰা মাৰিছিল দেশখনৰ উত্তৰ প্ৰান্তত অৱস্থিত ম্জুজু নামৰ প্ৰদেশখনত এগৰাকী মন্ত্ৰীৰ অন্তোষ্টিক্ৰিয়াত ভাগ ল’বলৈ বুলি ৷

ইতিমধ্যে,মলাৱীৰ ৰাষ্ট্ৰপতি লাজাৰ চকৱেৰাই উদ্ধাৰকাৰী দলক বিমান খনৰ শুংসূত্ৰ নোপোৱালৈকে অভিযান অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিছে ৷ শেহতীয়া খবৰ অনুসৰি বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰ আশংকা কৰিছে ৰাষ্ট্ৰপতি কাৰ্যালয়ে। অৱশ্যে এতিয়ালৈকে বিমানখনৰ দুৰ্ঘটনাৰ সন্দৰ্ভত কোনো কথা আনুষ্ঠানিকভাৱে প্ৰকাশ নকৰা নাই মলাৱীৰ চৰকাৰে।

স্মতৰ্ৱ্য যে,অভিশপ্ত বিমান খনত যোৱা কথা আছিল মলাৱীৰ ৰাষ্ট্ৰপতি লাজাৰ চকৱেৰ ৷ কিন্ত শেষ মুহূৰ্তত কিছু কাৰণত বাতিল হয় ৰাষ্ট্ৰপতিৰ যাত্ৰা ৷

Exit mobile version