NoEntry AIUDF Leader in Congress:কংগ্ৰেছত ন’ এন্টি এআইইউডিএফৰ নেতাৰ

rakibul

NoEntry AIUDF Leader in Congress:

কংগ্ৰেছত ন’ এন্টি এআইইউডিএফৰ নেতাৰ ৷ এতিয়াৰ পৰা এআইইউডিএফৰ কোনো নেতাক গ্ৰহণ নকৰে কংগ্ৰেছে ৷ এই সন্দৰ্ভত কংগ্ৰেছৰ পলিটিকেল এফেয়াৰছ কমিটি (পিএচি)য়ে ল’ব চুড়ান্ত সিদ্ধান্ত ৷ ১৬ জুনত এপিচিচিৰ পলিটিকেল এফেয়াৰছ কমিটিয়ে চুড়ান্ত সিদ্ধান্ত ল’ব বুলি আশা কৰে ধুবুৰীৰ নৱ নিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনে ৷ ইতিমধ্যে হুচেইনে এই সম্পৰ্কীয় এক প্ৰস্তাৱ আগবঢ়াইছে এপিচিচিত ৷

উল্লেখ্য যে,ধুবুৰীত এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলক ৰকিবুল হুছেইনে দহ লক্ষাধিকৰো অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰাৰ পিছতে বিপুল উৎসাহি হৈ পৰিছে এপিচিচি ৷ তাৰ লগে লগে এআইইউডিএফৰ ভিতৰ চ’ৰাত আৰম্ভ হৈছে উকমুকনি ৷ একাংশ বিধায়ক আৰু নেতাই ভৰি দাঙিছে কংগ্ৰেছলৈ ৷ কিন্ত তেওঁলোকৰ আশাত চেঁচাপানী পেলাইছে এপিচিচিৰ শীৰ্ষ নেতৃত্বৰ কঠোৰ স্থিতিয়ে ৷

স্মতৰ্ৱ্য যে,ধুবুৰীৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত আজি চামগুৰিৰ বিধায়ক পদত্যাগ ত্যাগ কৰে ৰকিবুল হুছেইনে ৷ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰে হুছেইনে ৷

ইয়াৰ পাছতে বিধায়কজনক বিদায় জনোৱা উদ্দেশ্যৰে কংগ্ৰেছ বিধায়িনী দলে অসম বিধানসভাৰ চেন্টেল হলত আয়োজিত এক সভাত কংগ্ৰেছৰ বিধায়ক সকলে ৰকিবুল হুছেইনক সম্বৰ্ধনা জনায় । উল্লিখিত সভা খনতে এআইইউডিএফৰ নেতাক কংগ্ৰেছত প্ৰৱেশত বাধাৰোপ কৰিবলৈ এপিচিচিৰ পলিটিকেল এফেয়াৰছ কমিটি (পিএচি)ক প্ৰস্তাৱ আগবঢ়াই সাংসদ ৰকিবুল হুছেইনে ৷

Exit mobile version