Commissioner’s Office Employee Arrested for Taking Bribe in Silchar:শিলচৰত উৎকোচ লৈ আটক কাছাৰ আয়ুক্ত কাৰ্যালয়ৰ উচ্চবৰ্গৰ সহায়ক

এন অ চি দিয়াৰ নামত এজন লোকৰ পৰা ঘোচ লৈছিল দুহেজাৰ টকা

silchar

Commissioner’s Office Employee Arrested for Taking Bribe in Silchar:

উৎকোচ লৈ ইজনৰ পাছত সিকনকৈ চৰকাৰী বিষয়া – কৰ্মচাৰী দুৰ্নীতি নিবাৰকৰ জালত পৰাৰ পিছতো শিকনি হোৱা নাই একাংশ ঘোচখোৰৰ

বুধবাৰে উৎকোচ হাতেলোটে আটক হ’ল কাছাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ এজন উচ্চবৰ্গৰ সহায়ক ৷ শিলচৰস্থ আয়ুক্ত কাৰ্যালয়ৰ ৰাজহ বিভাগত কৰ্মৰত সৌম্য ভট্টাচাৰ্য নামৰ কৰ্মচাৰীজনে এজন লোকক এন অ চি’দিয়াৰ নামত উৎকোচ বিচাৰিছিল দুহেজাৰ টকা ৷

আজি দুহেজাৰ টকা লোকজনৰ পৰা লওতেই পুৰ্বৰে পৰা খাপ পিটি থকা দুৰ্নীতি নিবাৰকৰ দলে হাতেলোটে আটক কৰে উচ্চবৰ্গৰ সহায়কজনক ৷ ইতিমধ্যে দুৰ্নীতি নিবাৰকৰ দলে অধিক তথ্যৰ বাবে আটকাধীন সৌম্য ভট্টাচাৰ্যক গুৱাহাটীলৈ অনাৰ ব্যৱস্থা কৰিছে ৷

Exit mobile version