Ajit’s wife Sunetra Filed her Nomination for the RS Elections:অজিত পত্নী সুনেত্ৰাৰ ৰাজ্যসভাৰ নির্বাচনত মনোনয়ন দাখিল

pawer

Ajit’s wife Sunetra Filed her Nomination for the RS Elections:

মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্রী অজিত পাৱাৰৰ পত্নী সুনেত্রা পাৱাৰে ৰাজ্যসভাৰ বাবে মনোনয়ন দাখিল কৰিলে। এনচিপি (অজিত) গোটৰ সাংসদ প্রফুল্ল পেটেলৰ পদত্যাগৰ পাছত ৰাজ্যসভাৰ এই সদস্যপদ খালী হৈছিল।

সুনেত্রাই লোকসভাৰ সদ্যসমাপ্ত নির্বাচনত মহাৰাষ্ট্ৰৰ বাৰামতি সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিছিল। কিন্তু সমষ্টিটোত তেওঁ শাৰদ পাৱাৰৰ কন্যা তথা নিজৰে ননদ সুপ্রিয়া ছুলেৰ হাতত প্রায় ডেৰ লাখ ভোটৰ ব্যৱধানত পৰাজিত হৈছিল।

লোকসভাত পৰাস্ত হোৱাৰ পাছত সুনেত্রাই ৰাজ্যসভাৰ নিৰ্বাচনত প্রতিদ্বন্দ্বিতাৰ বাবে সাজু হয় ৷ উল্লেখ্য যে,মহাৰাষ্ট্ৰ বিধানসভাত এনডিএৰ বিধায়কৰ সংখ্যা বেছি হোৱাৰ বাবে অনায়াসে বিজয়ী হ’ব পাৰে উপ-মুখ্যমন্ত্রী অজিত পাৱাৰৰ পত্নী সুনেত্রা পাৱাৰে ৷

Exit mobile version