Guwahati Police Commissionerate Stolen Mobile Phones and Laptops: Fair:মহানগৰ আৰক্ষীৰ বিশেষ পদক্ষেপ

পানবজাৰৰ গুৱাহাটী আৰক্ষী আয়ুক্তালয়ত চুৰি হোৱা মোবাইল, লেপটপৰ মেলা, মহানগৰ আৰক্ষীয়ে উপযুক্ত প্ৰমাণ দিয়া গৰাকীক ওভতাই দিলে ম'বাইল, ম'বাইল ল'বলৈ বহু লোকৰ সমাগম

police

Guwahati Police Commissionerate Stolen Mobile Phones and Laptops Fair:

গুৱাহাটী আৰক্ষীৰ বিশেষ পদক্ষেপ ৷মহানগৰীত বিভিন্ন সময়ত চুৰি হোৱা ম’বাইল আৰক্ষীৰ অভিযানত জব্দ হৈছিল। জব্দ হোৱা ম’বাইলৰ সংখ্যা প্ৰায় ৭০০ আৰু ১৬ টা লেপটপ।

উল্লেখ্য যে,মহানগৰৰ চিলনী চোৰে চোৰ কৰি নিয়া বা হেৰুৱা ম’বাইল আৰক্ষীয়ে সময়ে সময়ে চলোৱা অভিযানত জব্দ হৈছিল সাত শতাধিক ম’বাইল ৷

আজি গুৱাহাটী আৰক্ষীৰ লয় বিশেষ পদক্ষেপ ৷ পানবজাৰস্থ গুৱাহাটী আৰক্ষী আয়ুক্তালয় কাৰ্যালয়ত চুৰি হোৱা ম’বাইল, লেপটপৰ মেলা অনুষ্ঠিত কৰে ৷ ম’বাইল হেৰুৱা লোকজনে উপযুক্ত প্ৰমাণ দি নিব পাৰিব ম’বাইল ৷

আজি পুৱাৰে পৰা আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰমাণ বিচাৰি বহু লোকৰ সমাগম হয় ৷ ইতিমধ্যে উপযুক্ত প্ৰমাণ দি ম’বাইল নিয়া গৰাকীৰ সংখ্যা হৈছে ৩১২ ৷

উল্লেখ্য যে,মহানগৰৰ বিভিন্ন থানা আৰু আৰক্ষী চকীৰ অন্তৰ্গত অঞ্চলত হেৰুৱা বা চুৰি হোৱা ম’বাইল সন্দৰ্ভত সংশ্লিষ্ট থানাত ৰজু হোৱা গোচৰৰ নম্বৰ অনুসৰি গৰাকীয়ে নিব পাৰিব ম’বাইল ৷

আৰক্ষী কাৰ্যালয় চৌহদত চুৰি হোৱা ম’বাইল, লেপটপৰ মেলা অনুষ্ঠানত উপস্থিত থাকে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং আৰু মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা সহ জ্যেষ্ঠ আৰক্ষী বিষয়াই ৷

Exit mobile version