APCC is actively involved in the dismissal of five suspended Congress MLAs:কংগ্ৰেছৰ নিলম্বিত পাঁচ বিধায়কৰ পদ খাৰিজক লৈ তৎপৰ এপিচিচি

sasi das

APCC is Actively involved in the Dismissal of Five Suspended Congress MLAs:কংগ্ৰেছৰ নিলম্বিত পাঁচ

বিধায়কৰ পদ খাৰিজক লৈ তৎপৰ এপিচিচি ৷

দলবিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত নিলম্বন হৈছিল পাঁচ বিধায়ক ৷

ৰহাৰ শশী দাস,মঙলদৈৰ বসন্ত দাস,বাঘবৰৰ শ্বেৰমান আলী,উ:কৰিমগঞ্জৰ ছিদ্দিক আহমেদ আৰু

দ: কৰিমগঞ্জৰ কমলাক্ষ দে পুৰুকায়স্থ ৷

দুবছৰ পূৰ্বেই নিলম্বিত হৈছিল ৰহাৰ বিধায়ক শশী দাস ৷

বিধানসভাৰ অধ্যক্ষক বাৰম্বাৰ জনোৱাৰ পিছতো বিধায়ক কেইজনৰ ওপৰত লোৱা নাই ব্যৱস্থা ৷

এপিচিচিৰ সভাপতি ভূপেন বৰাই কয় এইদৰে ৷

বিগত সপ্তাহত পুনৰ আবেদন জনোৱা হৈছে অধ্যক্ষক ৷

তৎকাললেই ব্যৱস্থা নল’লে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব ৷

এই সন্দৰ্ভত সাংসদ ৰকিবুল হুছেইনক দিয়া হৈছে দায়িত্ব ৷

ৰাজ্যৰ পাঁচ সমষ্টিত হ’ব উপ- নিৰ্বাচন ৷

শীৰ্ঘেই নিৰ্বাচন অনুষ্ঠিত কৰাত ভয় খাইছে বিজেপিয়ে ৷

নিৰ্বাচনত মুখ থেকেচা খোৱাৰ ভয়ত নিৰ্বাচন অনুষ্ঠিত কৰাত পলম কৰিব চৰকাৰে ৷

পাঁচ নিলম্বিত বিধায়কৰ পদ খাৰিজ কৰি একেলগে ১০ সমষ্টিৰ উপ- নিৰ্বাচনৰ দাবী ভূপেন বৰাৰ ৷

নিলম্বিত বিধায়ক কমলাক্ষৰ হুংকাৰ পদ খাৰিজ কৰিলে কৰক ৷

নিৰ্বাচনৰ বাবে সাজু আছো,শীৰ্ঘেই বিজেপিত যোগদান কৰিম ৷

Exit mobile version