Preparations for by-Elections in 10 Assembly Constituencies in Assam: ৰাজ্যৰ ১০টা বিধানসভাত উপ-নিৰ্বাচনৰ প্রস্তুতি !

BY ELECTION

Preparations for by-Elections in 10 Assembly Constituencies in Assam:

ৰাজ্যৰ ১০টা বিধানসভা সমষ্টিত উপ-নির্বাচন অনুষ্ঠিত কৰিবলৈও প্রস্তুতি আৰম্ভ কৰিছে৷ সদ্য সমাপ্ত নির্বাচনত লোকসভালৈ নির্বাচিত হোৱা পাঁচজন বিধায়কৰ সমষ্টিৰ লগতে দলীয় অনুশাসন ভংগ কৰি কংগ্ৰেছৰ পৰা নিলম্বিত হৈ থকা আন পাঁচজন বিধায়কৰ সমষ্টিতো উপ-নির্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে চৰকাৰী সূত্রই।

সূত্ৰটোৱে কয় যে এই সন্দৰ্ভত চৰকাৰে নিৰ্বাচন আয়োগৰ সিদ্ধান্তলৈ অপেক্ষা কৰিছে। উল্লেখ্য যে নতুন সমষ্টি ভিত্তিত এইবাৰ পঞ্চায়ত নির্বাচন অনুষ্ঠিত হ’ব। সমান্তৰালভাৱে পুৰণি সমষ্টি ভিত্তিত উপ-নির্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা অধিক।

আনহাতে, উপ-নির্বাচন অনুষ্ঠিত হ’বলগীয়া তথা ইতিমধ্যে স্পষ্ট হৈ পৰা পাঁচ সমষ্টিক লৈ বিশেষকৈ বিৰোধী শিবিৰে তৎপৰতা আৰম্ভ কৰিছে। শেহতীয়াকৈ খালী হোৱা এই পাঁচটা সমষ্টিৰ চাৰিটাই শাসকীয় পক্ষৰ দখলত থকাৰ বিপৰীতে এটা সমষ্টি কংগ্ৰেছৰ দখলত আছিল।

ধলাই, বঙাইগাঁও, চামগুৰি, বিহালী আৰু ছিদলী সমষ্টিত উপ-নির্বাচন নিশ্চিত হোৱাৰ পাছতে দলীয় অনুশাসন ভংগ কৰি নিলম্বিত হৈ থকা আন পাঁচটা সমষ্টিটোত উপ-নির্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

উল্লেখ্য যে চৰকাৰী পক্ষক সমর্থন কৰি তথা দলীয় অনুশাসন ভংগ কৰি কংগ্ৰেছৰ পৰা নিলম্বিত হৈ আছে ৰহাৰ বিধায়ক শশীকান্ত দাস, বাঘবৰৰ বিধায়ক শ্বেৰমান আলী, উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ্য দে পুৰকায়স্থ, মঙলদৈৰ বিধায়ক বসন্ত দাস আৰু পশ্চিম কৰিমগঞ্জৰ বিধায়ক ছিদ্দেক আহমেদ।

এইসকল বিধায়কে আন দলত যোগদান কৰিব বুলি চর্চা অব্যাহত থকাৰ সমান্তৰালভাৱে কংগ্ৰেছেও তেওঁলোকৰ বিধায়ক পদ খাৰিজ কৰিবলৈ বিধানসভাৰ অধ্যক্ষক দাবী জনাই আহিছে। শীঘ্রে এইসকল বিধায়কৰ সন্দৰ্ভত অধ্যক্ষই সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে আৰু যদি কংগ্ৰেছে বিচৰা ধৰণেই তেওঁলোকৰ বিধায়ক পদ খাৰিজ হয় তেন্তে ১০ সমষ্টিত উপ-নির্বাচন অনুষ্ঠিত হোৱাটো প্রায় নিশ্চিত।

ফলত এই ১০ সমষ্টিক লৈয়ে তৎপৰতা আৰম্ভ কৰিছে বিৰোধী শিবিৰে । কিয়নো যদি ১০টা সমষ্টিত উপ-নির্বাচন অনুষ্ঠিত হয় ইয়াৰে ছটা সমষ্টি পূৰ্বতে কংগ্ৰেছৰ দখলত থকাৰ বিপৰীতে তিনিটা বিজেপি আৰু এটাকৈ অগপ, ইউপিপিএলৰ দখলত আছিল।

Exit mobile version