Shortage of Teachers in Nagaon: অধ্যক্ষ- প্ৰধান শিক্ষক নাই ১০৭ শিক্ষানুষ্ঠানত

১৫৬ টা বিষয় শিক্ষক পদ ৮১৫টা সহ:শিক্ষক পদো খালী, নগাঁৱৰ শিক্ষানুষ্ঠানত শিক্ষক অবিহনেই পাঠদান চলিছে

pego

Shortage of Teachers in Nagaon:

ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ পয়ালগা অৱস্থাটো প্রকট হৈছে নগাঁও জিলাত। জিলাখনৰ বহু উচ্চতৰ মাধ্যমিকত বছৰ বছৰ ধৰি খালী হৈ আছে অধ্যক্ষৰ পদ। ঠিক একেদৰে ৬০ খনৰো অধিক হাইস্কুলত খালী হৈ আছে প্রধান শিক্ষকৰ পদ। ইমানেই নহয়, শতাধিক বিষয় শিক্ষকৰ পদ আৰু প্ৰায় এহেজাৰ সহকাৰী শিক্ষকৰ পদো খালী হৈ থকাত ছাত্ৰ-ছাত্ৰীসকল চৰম দুর্যোগৰ সন্মুখীন হ’বলগীয়া হৈছে।

নগাঁও জিলা সংমণ্ডল বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ পৰা পোৱা তথ্য অনুসৰি, নগাঁও জিলাত মুঠ ২৭৬ খন প্রাদেশিকীকৃত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে। ইয়াৰে ৫৯ খন উচ্চতৰ মাধ্যমিক বিদ্যালয়। এই উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ ভিতৰত দুখন উচ্চতৰ মাধ্যমিক বিদ্যালয় সম্পূৰ্ণ চৰকাৰী। আনহাতে, জিলাখনত ২১৭ খন প্রাদেশিকীকৃত হাইস্কুল আছে আৰু ইয়াৰে এখন হাইস্কুল চৰকাৰী।

বৰ্তমান জিলাখনৰ মাত্র ১২ খন উচ্চতৰ মাধ্যমিক বিদ্যালয়তহে আছে স্থায়ী অধ্যক্ষ। ৪৭ খন উচ্চতৰ মাধ্যমিক বিদ্যালয় ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দ্বাৰাই পৰিচালিত হৈ আছে। ইপিনে, হোজাই জিলাৰ মাত্ৰ আঠখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থায়ী অধ্যক্ষ থকাৰ বিপৰীতে চাৰিখন উচ্চতৰ মাধ্যমিক ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দ্বাৰা পৰিচালিত হৈ আছে।

ইপিনে, নগাঁও জিলাৰ চৰকাৰী খণ্ডৰ হাইস্কুলসমূহৰ ভিতৰৰ ৩৩ খন হাইস্কুলতহে স্থায়ী প্রধান শিক্ষক আছে। জিলাখনৰ ৬০ খন প্রাদেশিকীকৃত হাইস্কুল ভাৰপ্ৰাপ্ত প্রধান শিক্ষকৰ দ্বাৰা পৰিচালিত হৈ আছে। ইপিনে, হোজাই জিলাৰ ১৫ খন হাইস্কুলত স্থায়ী প্রধান শিক্ষক থকাৰ বিপৰীতে আন ১৫ খন হাইস্কুল ভাৰপ্ৰাপ্ত প্রধান শিক্ষকৰ দ্বাৰা পৰিচালিত হৈ আছে।

জিলাখনৰ শতাধিক উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু হাইস্কুলত স্থায়ী অধ্যক্ষ আৰু প্ৰধান শিক্ষক নথকাত সেইসমূহ একাংশ জ্যেষ্ঠ শিক্ষকৰ দ্বাৰাই পৰিচালিত হৈ আহিছে। তেওঁলোকে ভাৰপ্ৰাপ্ত অধ্যক্ষ কিম্বা ভাৰপ্ৰাপ্ত প্রধান শিক্ষক হিচাপে বছৰ বছৰ ধৰি কাৰ্যনিৰ্বাহ কৰি আছে যদিও স্থায়ী অধ্যক্ষ অথবা স্থায়ী প্রধান শিক্ষকৰ দৰে তেওঁ লোকে সকলো প্রশাসনিক আৰু বিত্তীয় ক্ষমতা লাভ নকৰাত কাম পৰিচালনাত ভীষণ সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে।

তদুপৰি এই ভাৰপ্ৰাপ্ত অধ্যক্ষ আৰু ভাৰপ্ৰাপ্ত প্রধান শিক্ষকসকলৰ কর্তৃত্ব সংশ্লিষ্ট বিদ্যালয়সমূহৰ আন একাংশ জ্যেষ্ঠ শিক্ষকে মানি ল’ব নিবিচৰাত চৰম বিশৃংখলতাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। যিহেতু সংশ্লিষ্ট শিক্ষানুষ্ঠান সমূহত ভাৰপ্ৰাপ্ত অধ্যক্ষ আৰু ভাৰপ্ৰাপ্ত প্রধান শিক্ষকসকলৰ সকলো ক্ষমতা নাই আৰু তেওঁলোকৰ গুৰুত্বও কম সেয়েহে তেওঁলোকৰ বহুতৰে দায়বদ্ধতাও যথেষ্ট কম।

স্মর্তব্য যে জিলাখনৰ স্থায়ী অধ্যক্ষ আৰু স্থায়ী প্রধান শিক্ষক নথকা বহু শিক্ষানুষ্ঠানৰ ডিডিঅ’ অর্থাৎ ড্রয়িং এণ্ড ডিচবাৰছিং অফিচাৰৰ কর্তৃত্ব নগাঁও সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকজনৰ হাততে আছে। জিলা সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক পদৰ লগতে জিলা প্রাথমিক শিক্ষা বিষয়াৰ দায়িত্বত থকা একেজন বিষয়াই ইমানবোৰ দায়িত্ব বহন কৰিব লগীয়া হোৱাত তেৱোঁ যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে।

ইপিনে, চৰকাৰে গুণোৎসৱ অনুষ্ঠিত কৰি শিক্ষাৰ গুণগত মানদণ্ড উন্নত কৰাৰ নিমিত্তে প্রয়াস চলোৱাৰ সময়তে নগাঁও জিলাৰ বিভিন্ন চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানত ৮১৫ টা সহকাৰী শিক্ষকৰ পদ আৰু ১৫৬ টা বিষয় শিক্ষকৰ পদ খালী হৈ থকাত সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহত ছাত্র-ছাত্ৰীসকলৰ পাঠদানত চৰম ব্যাঘাত জন্মিছে। শিক্ষানুষ্ঠানৰ পৰীক্ষাৰ ফলাফল সন্তোষজনক নহ’লে প্রধান শিক্ষক অথবা অধ্যক্ষ জন জবাবদিহি হ’বলগীয়া হয় যদিও প্রয়োজনীয় শিক্ষক নথকাৰ বাবেও যে এনে হৈছে তাক হৃদয়ংগম নকৰে ৰাজ্যৰ শিক্ষা বিভাগে ৷

Exit mobile version