50% Reduction In Ropeway Fares For Student:শিক্ষাৰ্থীৰ বাবে ৫০ শতাংশ লৈ হ্ৰাস ৰোপৱেৰ ভাড়া

GHY NORTH GHY ROOPWAY TICKET 50% FOR STUDENT:শিক্ষাৰ্থীৰ বাবে ৫০ শতাংশ লৈ হ্ৰাস ৰোপৱেৰ ভাড়া

rupway

50% Reduction In Ropeway Fares For Student:

উত্তৰ গুৱাহাটীৰ ছাত্ৰ- ছাত্ৰীৰ বাবে ক্ষন্তেকীয়া সুখবৰ । সম্প্ৰতি বাৰিষাৰ বাবে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি হোৱাত জাহাজৰ চলাচলত কিছু ব্যাঘাতৰ সৃষ্টি হৈছে। সেয়েহে ৰাজ্য চৰকাৰে আজি এক জাননি যোগে গুৱাহাটী -উত্তৰ গুৱাহাটী সংযোগী  শিক্ষাৰ্থীৰ বাবে ৫০ শতাংশ লৈ হ্ৰাস কৰিছে ৰোপৱেৰ ভাড়া |

ছাত্ৰ- ছাত্ৰী সকলে নিজ শিক্ষানুষ্ঠানৰ পৰিচয় পত্ৰ দেখুৱালে লাভ কৰিব এই সুবিধা। ইতিমধ্যে এই নিৰ্দেশনা জাৰি কৰিছে জি এম ডি এ কৰ্তপক্ষই । উল্লেখ্য যে ,ৰোপৱে’ৰ সম্প্ৰতি ভাড়া সকলো যাত্ৰী তথা পৰ্যটকৰ বাবে নিৰ্ধাৰণ আছিল ১০০ টকা।

আনহাতে, স্থানীয় ৰাইজে আক্ষেপ প্ৰকাশ কৰি কয় যে ,গুৱাহাটীত আমাৰ উত্তৰ গু‍ৱাহাটীৰ বহুতো বে-চৰকাৰী কৰ্মচাৰী আছে; যাৰ দৰমহাও নিছেই কম, তাৰোপৰি কামত নগলে দৰমহা নাপায় ৷ এনেক্ষেত্ৰত ৰোপৱেৰ ভাড়া, অন্তত ফেৰী সেৱাৰ চলাচল বন্ধ থকা অবস্থাত অন্তত কিছু ৰেহাই দিলে আমি যথেষ্ট সকাহ পোৱা যাব ৷

উল্লেখ্য যে , আগন্তুক এমাহৰ বাবেহে ৰোপৱে’ৰ ৫০% শতাংশ হ্ৰাসৰ এই সুবিধা বাহাল থাকিব।

Exit mobile version