PM Modi inaugurates Nalanda University’s New Campus in Bihar’s Rajgir:বিহাৰৰ নালন্দা বিশ্ববিদ্যালয়ৰ নৱনিৰ্মিত চৌহদ উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ষোল্লশ বছৰ পুৰণি বিশ্ববিদ্যালয়খনৰ নতুন চৌহদ উদ্বোধন, বিশ্ববিদ্যালয়ৰ নতুন চৌহদত আছে ছখন বিদ্যালয়, আছে বৌদ্ধ অধ্যয়ন, দৰ্শন আৰু তুলনামূলক ধৰ্ম; ঐতিহাসিক অধ্যয়ন; পৰিৱেশ আৰু পৰিৱেশ অধ্যয়ন; আৰু বহনক্ষম উন্নয়ন আৰু ব্যৱস্থাপনা

pm modi 1 66

PM Modi inaugurates Nalanda University’s New Campus in Bihar’s Rajgir:

বিশ্ববিখ্যাত বিহাৰৰ নালন্দা বিশ্ববিদ্যালয়ৰ নতুন চৌহদ বুধবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ৷ ২৪টা বৃহৎ অট্টালিকা বিশিষ্ট ১৭৪৯ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই নতুন চৌহদ মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

চৌহদ মুকলি কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে কয়,গভীৰ ঐতিহাসিক আৰু শৈক্ষিক তাৎপৰ্যৰ স্থান বিহাৰৰ ৰাজগীৰৰ প্ৰাচীন ধ্বংসাৱশেষৰ ওচৰত অৱস্থিত এই আধুনিক চৌহদটোৱে বিশ্ববিদ্যালয়খনৰ যাত্ৰাৰ এক নতুন অধ্যায়ৰ সূচনা কৰিছে। উচ্চ শিক্ষা আৰু ঐতিহাসিক গৌৰৱৰ পুনৰুজ্জীৱনৰ বাবে এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব ৷

অনুষ্ঠানত উপস্থিত থাকে বিহাৰৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰ,মুখ্যমন্ত্ৰী নিতীশ কুমাৰ,বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ,বৈদেশিক ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ,উপ- মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী,নালন্দা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অভয় কুমাৰ সিঙ সহ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি  ৷ প্ৰধানমন্ত্ৰীয়ে নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰাচীন ধ্বংসাৱশেষৰ পৰিদৰ্শন কৰে ৷

উল্লেখ্য যে,বিশ্ববিদ্যালয়খনত আছে ছখন বিদ্যালয় ৷ বিদ্যালয় কেইখন হ’ল স্কুল অৱ বৌদ্ধ অধ্যয়ন, দৰ্শন আৰু তুলনামূলক ধৰ্ম; ঐতিহাসিক অধ্যয়ন বিদ্যালয়; স্কুল অৱ ইক’লজি এণ্ড এনভাইৰনমেণ্টেল ষ্টাডিজ; আৰু স্কুল অৱ ছাষ্টেইনেবল ডেভেলপমেণ্ট এণ্ড মেনেজমেণ্ট।

১৭৪৯ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই কেম্পাছটোত ২৪টা বৃহৎ অট্টালিকা আছে। বিশ্ববিদ্যালয়খনে আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীক ১৩৭টা বৃত্তি প্ৰদান কৰি আহিছে । ২০২২-২৪ আৰু ২০২৩-২৫ শিক্ষাবৰ্ষৰ বাবে স্নাতকোত্তৰ কাৰ্যসূচীৰ লগতে ২০২৩-২৭ বৰ্ষৰ পি এইচ ডি কাৰ্যসূচীত নামভৰ্তি কৰা শিক্ষাৰ্থী সকল আৰ্জেণ্টিনা, বাংলাদেশ, ভূটান, কম্বোডিয়া, ঘানা, ইণ্ডোনেছিয়া, কেনিয়া, লাওছ, লাইবেৰিয়া, ম্যানমাৰ, মোজাম্বিক, নেপাল, নাইজেৰিয়া, কংগো গণৰাজ্য, দক্ষিণ চুডান, শ্ৰীলংকা, ছাৰ্বিয়া, ছিয়েৰা লিয়ন, থাইলেণ্ড, তুৰস্ক, উগাণ্ডা, আমেৰিকা, ভিয়েটনাম, আৰু জিম্বাবুৱে আদি দেশৰ ৷

আন্ত:ৰাষ্ট্ৰীয় মানৰ বিশ্ববিদ্যালয় খনে অষ্ট্ৰেলিয়া, বাংলাদেশ, ভূটান, ব্ৰুনাই দাৰুছালাম, কম্বোডিয়া, চীন, ইণ্ডোনেছিয়া, লাওছ, মৰিচাছ, ম্যানমাৰ, নিউজিলেণ্ড, পৰ্তুগাল, ছিংগাপুৰ, দক্ষিণ কোৰিয়া, শ্ৰীলংকা, থাইলেণ্ড, ভিয়েটনামকে ধৰি ১৭খন দেশৰ সৈতে সহযোগিতা আগবঢ়ায়। এই দেশসমূহে বিশ্ববিদ্যালয়খনৰ স’তে ঐক্যবদ্ধভাৱে কাম কৰিবলৈ ইতিমধ্যেই বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছিল। এই বিশ্ববিদ্যালয়খনত বিশ্বৰ সৰ্ববৃহৎ পুথিভঁৰালটো আছে, য’ত তিনি লাখৰো অধিক কিতাপ আৰু পাণ্ডুলিপি আছে।

উল্লেখ্য যে, ২০১৬ চনত নালন্দা বিশ্ববিদ্যালয়ৰ নতুন চৌহদ নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰা হৈছিল। ৰাজগীৰত ৪৫৫ একৰ মাটি অধিগ্ৰহণ কৰি বিশ্ববিদ্যালয় প্ৰশাসনক ইতিপূৰ্বে গতাই দিয়া হয়। পঞ্চম শতিকাত প্ৰতিষ্ঠা হোৱা প্ৰাচীন নালন্দা বিশ্ববিদ্যালয় আছিল দ্বাদশ শতিকাৰ বিখ্যাত শিক্ষা কেন্দ্ৰ।

Exit mobile version