Delhi High Court has stayed the bail of Arvind Kejriwal:অৰবিন্দ কেজৰিৱালৰ জামিনত স্থগিতাদেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

বৃহস্পতিবাৰে ৰাউজ এভিনিউ আদালতে দিছিল জামিন

kejrial

Delhi High Court has stayed the bail of Arvind Kejriwal:

বৃহস্পতিবাৰে দিল্লীৰ ৰাউজ এভিনিউ আদালতে অৰবিন্দ কেজৰিৱালক জামিন দিছিল ৷ সেই অনুসৰি আজি মুকলি আকাশৰ তললৈ অহাৰ কথা আছিল কেজৰিয়ালৰ ৷কিন্ত তেওঁৰ এই আশাত পৰিল চেঁচাপানী। কেজৰিয়ালৰ জামিনৰ বিৰুদ্ধে আজি দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় ইডি। ইডিৰ আবেদনৰ ভিত্তিত ন্যায়ালয়ে শুনানি সম্পন্ন হোৱালৈ জামিনত স্থগিতাদেশ জাৰি কৰিছে।

উল্লেখ্য যে,দিল্লীৰ সুৰা কেলেংকাৰীৰ গোচৰত অৰবিন্দ কেজৰিৱাল কাৰাৰুদ্ধ হৈ আছে তিহাৰ জে’লত ৷ বিগত ২১ মাৰ্চত কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল ইডিয়ে। তাৎপৰ্যপূৰ্ণভাৱে তেওঁ এতিয়াও মুখ্যমন্ত্ৰী পদৰ পৰা ইস্তাফা দিয়া নাই। কেজৰিয়ালেই বোধকৰো দেশৰ প্ৰথম মুখ্যমন্ত্ৰী যি নেকি মুখ্যমন্ত্ৰী হিচাপে গ্ৰেপ্তাৰ হৈ জেলত কাৰাৰুদ্ধ হৈ আছে ৷

মনকৰিবলগীয়া যে , লোকসভা নিৰ্বাচনৰ পূৰ্বে দলীয় প্ৰচাৰৰ বাবে তেওঁক চৰ্তসাপেক্ষে কিছুদিনৰ বাবে জামিন দিয়া হৈছিল যদিও পিছত ম্যাদ উকলাত তেওঁ পুনৰ জে’ললৈ উভতি আহে ৷

আনহাতে,আপৰ সাংসদ সঞ্জয় সিঙে তেওঁৰ এক্স হেণ্ডেলত পোষ্ট কৰি লিখিছে, ‘মোদী চৰকাৰৰ গুণ্ডাগিৰি চাওক, এতিয়া ট্ৰায়েল ক’ৰ্টৰ আদেশেই অহা নাই, আদেশৰ কপিও পোৱা নাই, তেন্তে ক্ষেত্ৰত ইডিয়ে দিল্লী উচ্চ ন্যায়ালয়ত আপিল কৰিব গৈছে ৷ আচলতে দেশত হৈছে কি,ন্যায় ব্যৱস্থাৰ এনে ৰূপে সমগ্ৰ দেশে প্ৰত্যক্ষ কৰি আছে ৷

Exit mobile version