International Yoga Day Celebrated:দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত তেজপুৰত বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ

গুৱাহাটীত আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ ৰাজ্যপাল কাটাৰিয়া আৰু বিত্তমন্ত্ৰ অজন্তা নেওগৰ

cm 1 1

International Yoga Day Celebrated:

আজি দশম আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস ৷ সমগ্ৰ বিশ্বৰ লগতে অসমতো আয়োজন কৰা হয় যোগ দিৱস ৷ তেজপুৰৰ চাৰ্চ ফিল্ডত জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত যোগ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে সামাজিক মাধ্যমত উল্লেখ কৰে যে, ‘সুস্থ আৰু স্বাস্থ্যৱান হৈ থকাৰ দিশত ভাৰতৰ যোগ দিৱস পালন সমগ্ৰ বিশ্বৰ বাবে এক অনন্য উপহাৰ।’’

উল্লেখ্য যে,তেজুপুৰৰ যোগ দিৱসত মুখ্যমন্ত্ৰীৰ স’তে অংশ লয় তেজুপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা , শোণিপুৰৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষক বহু সংখ্যক লোকে ৷

আনহাতে, গুৱাহাটী মহানগৰীৰ নেহৰু ষ্টেডিয়ামস্থিত দেশভক্ত তৰুণ ৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। কামৰূপ মহানগৰ জিলা প্ৰশাসন, ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ সহযোগত ৰাষ্ট্ৰীয় আয়ুস মিছনে আয়োজন কৰা যোগ কাৰ্যসূচীত মুখ্য অতিথি ৰূপে উপস্থিত থাকে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া, বিত্ত মন্ত্ৰী অজন্তা নেওগ আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া সহ দুশ গৰাকী লোকে ৷

একেদৰে সৰুসজাইৰ নবিন চন্দ্ৰ বৰদলৈ ইন্দোৰ ষ্টেডিয়ামত উদযাপন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস৷এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিনিকী ভুঞা শর্মা সহ বহু সংখ্যক লোক ৷

Exit mobile version