UP Government officials will not be allowed to make any comments on social media :উত্তৰ প্ৰদেশত চৰকাৰী বিষয়াই সামাজিক মাধ্যমত কৰিব নোৱাৰিব এই কাম !

up govt

UP Government officials will not be allowed to make any comments on social media :

উত্তৰ প্রদেশত যোগী আদিত্যনাথ চৰকাৰে চৰকাৰী বিষয়া-কর্মচাৰীৰ বাবে নতুন নীতি-নির্দেশনা জাৰি কৰিলে।  চৰকাৰে চৰকাৰী বিষয়া-কর্মচাৰীৰ বাবে মিডিয়া বিষয়ক একাধিক নির্দেশনা তৈয়াৰ কৰিলে। এই নির্দেশনাত উল্লেখ কৰা অনুসৰি সংবাদ মাধ্যমৰ আগত কোনো মন্তব্য প্রকাশৰ পূৰ্বে চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে চৰকাৰৰ পৰা অনুমতি
ল’ব লাগিব।

সামাজিক মাধ্যম ব্যৱহাৰৰ ক্ষেত্ৰত চৰকাৰৰ কৰ্মচাৰীৰ বাবে কঠোৰ নিয়ম নির্ধাৰণ কৰা হৈছে। যোগীৰ নির্দেশ অনুসৰি এতিয়াৰে পৰা ৰাজ্যখনত চৰকাৰৰ অনুমতি অবিহনে কোনো বিষয়া- কর্মচাৰীয়ে সংবাদপত্রত লেখা প্রকাশ কৰিব, টিভি-ৰেডিঅ’ত মন্তব্য প্রকাশ কৰিব আৰু সামাজিক মাধ্যমত মতামত ব্যক্ত কৰিব নোৱাৰিব।

উত্তৰ প্ৰদেশৰ চৰকাৰৰ মুখ্য সচিব ডাঃ দেবেশ চতুর্বেদীয়ে জাৰি কৰা নির্দেশনা অনুসৰি চৰকাৰী কৰ্মীয়ে নির্ধাৰণ কৰি দিয়া নিয়ম অমান্য কৰি সংবাদ মাধ্যম তথা সামাজিক মাধ্যমত মন্তব্য প্রকাশ কৰিলে আইন অনুসৰি ব্যৱস্থা গ্রহণ কৰা হ’ব।

যোগী চৰকাৰে চৰকাৰী বিষয়া-কর্মচাৰীৰ বাক স্বাধীনতা হৰণ কৰাৰ উদ্দেশ্যৰে সংবাদ মাধ্যম আৰু সামাজিক মাধ্যম সন্দর্ভত এনে নির্দেশনা জাৰি কৰা বুলি বিৰোধীয়ে অভিযোগ কৰিছে।

Exit mobile version