AJP Leader Jiaur Rahman Detained :অজাপৰ মুখপাত্ৰ জিয়াউৰ ৰহমানক আটক হাতীগাওঁ আৰক্ষীৰ

পত্নী থকাৰ পাছতো অন্য মহিলাৰে অবৈধ সম্পৰ্কৰ অভিযোগত আটক জিয়াউৰক, আৰক্ষীক লগত লৈ এটা এপাৰ্টমেণ্টত পত্নীয়ে ধৰা পেলালে অজাপ নেতাজনক

jiaur 1

AJP Leader Jiaur Rahman Detained :

অসম জাতীয় পৰিষদৰ মুখপাত্ৰ জিয়াউৰ ৰহমানক আটক হাতীগাওঁ আৰক্ষীৰ। প্ৰাপ্ত খবৰ অনুসৰি,পত্নী থকাৰ পাছতো অন্য মহিলাৰে অবৈধ সম্পৰ্ক থকাৰ অভিযোগত আটক কৰে জিয়াউৰ ৰহমানক

আৰক্ষীৰ সৈতে গৈ এটা এপাৰ্টমেণ্টত পত্নী ফাৰনাচ নুৰিনে ধৰা পেলালে অজাপ নেতাজনক ৷ হাতীগাওঁৰ দৃষিকা এপাৰ্টমেণ্টত অন্য মহিলাৰ সৈতে বাস কৰিছিল বুলি অভিযোগ কৰে জিয়াউৰ ৰহমানৰ পত্নীয়ে ৷ আনহাতে, দুয়োৰে মাজত ইতিমধ্যেই ন্যায়ালয়ত চলি আছে বিবাহ বিচ্ছেদৰ গোচৰ ৷ ন্যায়ালয়ে পত্নী- সন্তানৰ খৰচ বহন কৰিবলৈ নিৰ্দেশ দিয়ে যদিও মাত্ৰ আঠ হেজাৰ টকা দিয়ে নিজৰ দায়িত্ব সামৰিছে । একেদৰে যোৱা বহুদিন ধৰি আঠ হেজাৰ টকা দিয়াৰ পৰাও বিৰত আছে ৷

জিয়াউৰৰ পত্নীয়ে আৰু অভিযোগ কৰে যে ,তেওঁৰ ওপৰত জিয়াউৰে প্ৰায়ে শাৰিৰীক আৰু মানসিক দি আহিছে ৷
শেহতীয়াকৈ জিয়াউৰে পত্নী- সন্তানক খৰচৰ ধন নিদি অন্য মহিলাৰে সম্পৰ্ক ৰাখি আহিছিল বুলি অভিযোগ কৰে ফাৰনাচ নুৰিনে

আনহাতে, হাতীগাঁও আৰক্ষীয়ে জিয়াউৰক আটক কৰি স্বাস্থ্য পৰীক্ষা কৰিবলৈ নি থকা পথত চিঞৰি চিঞৰি কয়,সকলো কথা মই সংবাদমেলত কম’৷ পত্নীয়ে মোক মাৰিছে ৷

Exit mobile version