Cm Presmeet In GMCH:স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব লৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কে’বাটাও প্ৰকল্প পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

পৰিদৰ্শনৰ পিছতেই মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সম্বোধন

hcm

Cm Presmeet In GMCH:

স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব লৈ শণিবাৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ চিকিৎসালয়খনৰ কেইবাটাও প্ৰকল্পৰ বিষয়ে অধ্যক্ষ আৰু অধীক্ষক সহ জ্যেষ্ঠ বিষয়াৰে পৰ্যালোচনা কৰে ৷ ইয়াৰ পিছতে অংশগ্ৰহণ কৰে এক সংবাদমেল ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদমেলত কয় ,জিএমচিএইছত প্ৰথমবাৰৰ বাবে সফলতাৰে সম্পন্ন হয় কিডনী সংৰোপণ ৷

গুৱাহাটীৰ পবিত্ৰ পৰাণ গগৈৰ নামৰ ব্ৰেইন ডেড ৰোগীজনৰ দুই কিডনী গগৈৰ পৰিয়ালৰ সন্মতিসাপেক্ষে চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা উজানবজাৰৰ ৩৮ বছৰীয়া অমৰ বাচফৰ আৰু নগাঁৱৰ কামপুৰৰ ২১ বছৰীয়া পল্লৱজ্যোতি দাসৰ শৰীৰত সংৰোপণৰ কৰা কিডনী ৷ যোৱা আঠজুনত পোন প্ৰথমবাৰৰ এই কিডনী সংৰোপণ সংস্থাপন সফলতাৰে সম্পন্ন হয় ৷ কিডনী সংৰোপণ অস্ত্ৰোপচাৰত জড়িত চিকিৎসক তিনিজন হ’ল ডা:শশাঙ্ক বৰুৱা ,ডা:পুস্কৰ বাকচী আৰু ডা:মঞ্জুৰী শৰ্মা ৷

মুখ্যমন্ত্ৰী গৰাকীয়ে এই বৃক্ক সংৰোপণ উত্তৰ-পূৰ্বত প্ৰথমবাৰৰ বাবে জিএমচিএইছয়ে সম্পন্ন কৰে বুলি উল্লেখ কৰি কয়,ইয়াৰ পূৰ্বে আগতেই দুবাৰ কৰা হৈছিল যদিও দুয়োবাৰেই বিফল হৈছিল।

মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে, লিভাৰ সংৰোপণৰো চিন্তাচৰ্চা কৰিছে স্বাস্থ্য বিভাগে। সেই অনুসৰি পানবজাৰৰ এম এম চি এইছৰ নতুন বিল্ডিঙৰ কাম সম্পূৰ্ণ হৈ উঠাৰ পিছতে তাত লিভাৰ সংৰোপণৰ কাম আৰম্ভ হ’ব ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যাল হাস্পতালে নতুনকৈ আৰম্ভ কৰা IVF কেন্দ্ৰটোৱে নি:সন্তান দম্পতী সকলৰ পৰা আশানুৰূপ সহাৰি পাইছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়,ইতিমধ্যে ৩৬ গৰাকী মহিলাৰ গৰ্ভত কৃত্ৰিম পদ্ধতিৰে সংস্থাপন কৰা হয় এম বি ভি ৷ ইয়াৰে গৰ্ভৱৰ্তী হৈছে আঠ গৰাকী মহিলা  আৰু এগৰাকী প্ৰসুতিয়ে অস্ত্ৰোপচাৰৰ জৰিয়তে জন্ম দিছে সন্তান ৷ বৰ্তমান মাতৃ- সন্তান দুয়ো সুস্থ ৷ জিএম চিএইছত ৭৫ হেজাৰৰ পৰা একলাখ ভিতৰত হ’ব IVF ৰ খৰচ।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয়,২০১০ ত স্বাস্থ্যমন্ত্ৰী থাকোতেই জিএমচিএইছত IVF কেন্দ্ৰ খোলাৰ পৰিকল্পনা কৰা হৈছিল ৷

Exit mobile version