Public Examination Prevention of Unfair Means Act is in force:দেশত প্ৰশ্নকাকত ফাদিল প্ৰতিৰোধ আইন জাৰি

পাব্লিক এগজামিনেচন প্ৰিভেনচন অৱ আনফেয়াৰ মিন্স এক্ট’ বলৱৎ, প্ৰশ্নকাকত ফাদিল কৰিলে যাব লাগিব কাৰাগাৰলৈ, পৰীক্ষাত নকল কৰি ধৰা পৰিলে ৩-৫বছৰ কাৰাবাস, ১কোটি টকা জৰিমনাৰ শাস্তি বিহা হ’ব দোষীক

public

Public Examination Prevention of Unfair Means Act is in force:

সম্প্ৰতি দেশত তোলপাৰ লগাই থকা নীট আৰু ইউজিচি-নেটৰ কেলেংকাৰীক লৈ তৎপৰ হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰৰ। কেন্দ্ৰীয় নিযুক্তি অথবা নামভৰ্তিৰ পৰীক্ষাৰ ক্ষেত্ৰত দেশত কোনো ধৰণৰ আইনী ব্যৱস্থা নথকাৰ সুযোগ গ্ৰহণ কৰি একাংশ শিক্ষা মাফিয়া আৰু ক্ষমতাশালী ৰাজনীতিকৰ ছত্ৰছায়াত ইটোৰ পাছত সিটোকৈ সংঘটিত কৰি গৈছে নানান পৰীক্ষা কেন্দ্ৰীক কেলেংকাৰী।

শেহতীয়াকৈ শুক্ৰবাৰে মাজনিশা কেন্দ্ৰীয় চৰকাৰে দেশত প্ৰশ্নকাকত ফাদিল প্ৰতিৰোধ আইন ‘পাব্লিক এগজামিনেচন প্ৰিভেনচন অৱ আনফেয়াৰ মিন্স এক্ট’ বলৱৎ কৰে।

উল্লেখ্য যে, এই নতুন আইন খন সংসদত গৃহিত হৈছিল ৬ আৰু ৯ ফেব্ৰুৱাৰীত ৷ কেন্দ্ৰীয় চৰকাৰৰ সকলো পৰীক্ষাৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব এই আইন৷ একেদৰে এই আইন প্ৰযোজ্য হ’ব ইউ পিএছচি,এছএছচি,আৰআৰবি,আইবিপিএচ,এনটি পৰীক্ষাত ৷
একেদৰে এই আইন বলবৎ হোৱাৰ লগে লগে এতিয়াৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সকলো ধৰণৰ পৰীক্ষাৰ ক্ষেত্ৰত সংঘটিত অপৰাধ আওঁতালৈ আহিব ৷ আনহাতে এই আইন অনুসৰি প্ৰশ্নকাকত ফাদিলত দোষীক ১০ লাখ টকাৰ জৰিমনা আকু ৩ বছৰ জে’ল ৷ নিযুক্তি সেৱাৰ ছাৰ্ভিচ প্ৰভাইডাৰ দোষী হ’লে ১ কোটিৰ জৰিমনা৷ ছাৰ্ভিচ প্ৰভাইডাৰ দোষী সাব্যস্ত হ’লে ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড ৷

উল্লেখযোগ্য, নীট-ইউজি আৰু নেটৰ কেলেংকাৰিক লৈ চৰ্চা চলি থকাৰ সময়তে আন এক উদ্বেগজনক তথ্য পোহৰলৈ আহিছে। বিগত সাত বছৰত দেশত এনে ধৰণৰ পৰীক্ষাকেন্দ্ৰিক কেলেংকাৰি-অনিয়ম অবাধ গতিত সংঘটিত হয়। পোহৰলৈ অহা তথ্য অনুসৰি এই সাতটা বছৰত বিভিন্ন পৰীক্ষাৰ কমেও ৭০ বাৰ প্ৰশ্নকাকত পৰীক্ষাৰ পূৰ্বেই ফাদিল হয়। ইয়াৰ পৰিণাম ভোগ কৰিবলগীয়া হয় কোটি কোটি পৰীক্ষার্থীয়ে।

এনেদৰে পৰীক্ষাৰ পূৰ্বেই প্রশ্নকাকত ফাদিল হোৱা পৰীক্ষাসমূহ হৈছে চাকৰিৰ নিযুক্তি পৰীক্ষা অথবা উচ্চ শিক্ষাৰ বাছনি পৰীক্ষা। এনেধৰণৰ দুষ্কাৰ্যৰ ফলত অগণন পৰীক্ষাৰ্থী মানসিকভাৱে ভাৰাক্ৰান্ত হৈছে ৷ স্বাভাৱিকতে ইয়ে প্রশ্ন উত্থাপন কৰিছে দেশত পৰীক্ষা ব্যৱস্থাৰ সততাক লৈ।

Exit mobile version