US Government awards IVLP to two journalists from Assam:অসমৰ দুগৰাকী সাংবাদিকলৈ মার্কিন যুক্তৰাষ্ট্ৰ চৰকাৰৰ সন্মানীয় আই ভি এল পি প্রদান

india

US Government awards IVLP to two journalists from Assam:

অসমৰ দুগৰাকী সাংবাদিক, বৰশা দাস আৰু সুমিৰ কৰ্মকাৰক “কল টু ক্লাইমেট একশ্যন: পাব্লিক এৱাৰনেছ থ্ৰ মিডিয়া এডভোকেছি” শীর্ষক প্রকল্পটোৰ সৈতে সংগতি ৰাখি মার্কিন যুক্তৰাষ্ট্ৰ চৰকাৰৰ বৈদেশিক বিভাগে সম্মানীয় আন্তঃৰাষ্ট্ৰীয় ভিজিটৰ লিডাৰশ্বিপ প্রগ্রাম (আই ভি এল পি) আগবঢ়াইছে ।

বর্তমান ১৫ জুনৰ পৰা ৬ জুলাইলৈ সাংবাদিক দুগৰাকীয়ে ৱাশ্বিংটন ডি চি, মিচিগানৰ ডেট্ৰইট চহৰ, আইডাহ’ৰ বয়ছ আৰু ক’লৰাডোৰ বোল্ডাৰৰ মাজেৰে আমেৰিকাৰ যাত্ৰাত ব্যস্ত হৈ আছে ।

পেছাদাৰী বিনিময় কাৰ্যসূচীৰ জৰিয়তে, তেওঁলোকে জলবায়ু পৰিৱৰ্তনৰ লক্ষ্য প্রাপ্ত কৰাৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয়, বৈদেশিক আৰু স্থানীয় প্ৰগতিৰ মূল্যায়ন কৰিব। ইয়াৰোপৰি, তেওঁলোকে পৰিৱেশ সম্পৰ্কীয় নীতি নির্ধাৰণ আৰু সংবাদ মাধ্যমৰ প্ৰচাৰকাৰ্যক ব্যৱহাৰিক সমাধানৰ সৈতে একত্ৰিত কৰাৰ উপায় নির্ধাৰণ কৰাৰ সমান্তৰালকৈ পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত ৰাজহুৱা যোগদান বৃদ্ধি কৰাৰ বাবে সংবাদ মাধ্যমৰ ৰণনীতিও বিকশিত কৰিব।

১৮ জুনত দাস আৰু কৰ্মকাৰে গোটটোৰ আন চাৰিগৰাকী সদস্যৰ সৈতে মার্কিন যুক্তৰাষ্ট্ৰৰ জলবায়ু আৰু পাৰিপার্শ্বিক কূটনীতিয়ে কেনেদৰে অর্থনৈতিক বিকাশ, শক্তি সুৰক্ষা আৰু এখন স্বাস্থ্যকৰ পৃথিৱী সৃষ্টি কৰাৰ লক্ষ্য আগত ৰাখি আগবাঢ়ি গৈছে সেই বিষয়ে বুজ ল’বলৈ দেশখনৰ বৈদেশিক বিভাগলৈ যায়।

সুমিৰ কৰ্মকাৰ হৈছে বাতৰি কাকত আৰু ডিজিটেল মাধ্যমত ১৭ বছৰৰ অভিজ্ঞতাসম্পন্ন এগৰাকী জ্যেষ্ঠ সাংবাদিক। আনহাতে, অসমৰ এগৰাকী স্বতন্ত্র সাংবাদিক হিচাপে বৰশা দাসে জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশ সম্পর্কে লেখা-মেলা কৰি আহিছে। বর্তমান ডেক্কান হেৰাল্ড বাতৰি কাকতৰ এগৰাকী বিশেষ সংবাদদাতা হিচাপে সুমিৰ কৰ্মকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক সামৰি লৈ কাম কৰি আছে। ইয়াৰ পূৰ্বে তেওঁ নদী দ্বীপ মাজুলী, বড়োলেণ্ড আৰু ধুবুৰী অঞ্চলৰ সম্প্রদায়সমূহৰ জলবায়ু পৰিৱৰ্তন আৰু জলবায়ু স্থিতিস্থাপকতাৰ ওপৰত গুৰুত্ব দি অসমত দুটা মিডিয়া ফেলোশ্বিপ সফলতাৰে সম্পূৰ্ণ কৰিছে।

এগৰাকী স্বতন্ত্র সাংবাদিক হিচাপে বৰশা দাসে উত্তৰ-পূব ভাৰতৰ পৰিৱেশ সংক্রান্তীয় উদ্বেগ আৰু জলবায়ু পৰিৱৰ্তনৰ বিষয়ত গুৰুত্ব দি আহিছে। তেওঁ ২০২৩ চনত চহৰ আৰু জলবায়ু পৰিৱৰ্তনৰ ওপৰত আধাৰিত কিউ অ’ চি- চি এ এন এছ এ (কুৱেশ্যন অৱ চিটিজ ক্লাইমেট একশ্যন নেটৱর্ক ছাউথ এছিয়া) ফেলোশ্বিপৰ ফেলো আছিল।

দুয়োগৰাকী সাংবাদিকৰ সৈতে ইছাবেলা নওদিতা গুৰুং (গেংটক), জয়দীপ দেওঘৰীয়া (ৰাঁচী), পূজা মেহতা বাটাভিয়া (কলকাতা) আৰু সবিতা কুমাৰী (পাটনা)য়ে এই দলত অন্তর্ভুক্ত হৈ আছে। তেওঁলোকে ক্রমে ছিকিম এক্সপ্রেছ, দ্য টাইমছ অৱ ইণ্ডিয়া, টাইমছ নাও আৰু দৈনিক ভাস্কৰক প্রতিনিধিত্ব কৰে।

Exit mobile version