16-year-old girl gang-Raped:ওদালগুৰিৰ মাজবাটত ভয়ংকৰ ঘটনা

দলবদ্ধ ধৰ্ষণৰ বলি ১৬ বছৰীয়া কিশোৰী, পাঁচ ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ, উত্তেজিত ৰাইজে জ্বলালে এজন ধৰ্ষণকাৰীৰ বাসগৃহ, উতপ্ত পৰিস্থিতি,স্বতঃস্ফূৰ্ত ভাৱে বন্ধ মাজবাটৰ দোকান- পোহাৰ

rapist

16-year-old Girl Gang-Raped:

ওদালগুৰিৰ মাজবাটত ভয়ংকৰ ঘটনা ৷ দলবদ্ধ ধৰ্ষণৰ বলি এগৰাকী কিশোৰী ৷ টিউচনলৈ গৈ থকা পথত চিনাকি এজন যুবকে ঘৰত থৈ অহাৰ পলোভন দি কিশোৰী গৰাকীক ইটাভাটা এটালৈ নি আন চাৰি যুৱকৰ স’তে মিলি বলাৎকাৰ কৰে ৷

ADVERTISEMENT

পিছত ধৰ্ষিতা কিশোৰী গৰাকী ঘৰলৈ আহি সমস্ত কথা পৰিয়ালক সদৰি কৰাৰ পাছতে এই ঘটনা বিয়পি পৰে মাজবাটত আটছা সহ বিভিন্ন সংগঠনে দোষীক কৰায়ত্ত কৰি কঠোৰ শাস্তিৰ দাবী প্ৰতিবাদমুখৰ হৈ পৰে ৷

ইয়াৰ মাজতে একাংশ লোকে এজন ধৰ্ষণকাৰীৰ বাসগৃহ জ্বলাই দিয়ে ৷ আন ধৰ্ষণকাৰীৰ ঘৰ জ্বলাবলৈ উদ্যত হয় যদিও ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী- চিআৰ পিএফ উপস্থিত দৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ ঘটনাস্থলীত উপস্থিত হোৱা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী দাও দাও জ্বলি উঠা ঘৰটো নিৰ্বাপন কৰে ৷

এই ঘটনাক লৈ মাজবাটত অব্যাহত আছে উত্তপ্ত পৰিস্থিতি ৷ ইতিমধ্যে স্বতঃস্ফূৰ্ত ভাৱে বন্ধ হৈ পৰে মাজবাটৰ দোকান- পোহাৰ ৷ আনহাতে,মাজবাট আৰক্ষীয়ে ক্ষীপ্ৰতাৰে অভিযান চলাই পাঁচ নৰাধমক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ধৃত ধৰ্ষণকাৰী পাঁচটা হ’ল গ্ৰেপ্তাৰ ছাদ্দাম আলী, মোস্তাক আহমেদ, মহিদুল ইছলাম, অভিজুল আলী, এহছান আহমেদ ৷

Exit mobile version