Mandal Arrested on charges of fraudulently selling government Land:
চৰকাৰী মাটি জালিয়াতিৰে বিক্ৰীৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল এজন মণ্ডল ৷ ডিব্ৰুগড় পশ্চিম ৰাজহ চক্ৰৰ মণ্ডল মুক্তিয়াৰ হুছেইনক ডিব্ৰুগড় বৰবৰুৱা আৰক্ষীয়ে হোজাইৰ পৰা গ্ৰেপ্তাৰ কৰে মণ্ডলজনক ৷ আনহাতে ইতিমধ্যেই আৰক্ষীয়ে এই জালিয়াতিৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে জয়শংকৰ হাজৰিকা নামৰ এজন মাটিৰ দালালক ৷
উল্লেখ্য যে,আটকাধীন মণ্ডল মুক্তিয়াৰ হুছেইনে ডিব্ৰুগড়ৰ বগীবিল অঞ্চলৰ প্ৰায় ১৩০০ বিঘা চৰকাৰী ভূমি জালিয়াতিৰে বিক্ৰী কৰি চৰকাৰী ধন অত্মসাৎ কৰাৰ অভিযোগ উদ্থাপিত হৈছিল ৷ ইতিমধ্যে মণ্ডলজনৰ এই জালিয়াতি জিলা প্ৰশাসনে পোহৰলৈ অনাৰ পাছতে তৎপৰ হৈ পৰে ডিব্ৰুগড় আৰক্ষী ৷ অৱশেষত আজি ডিব্ৰুগড় পশ্চিম ৰাজহ চক্ৰৰ মণ্ডল মুক্তিয়াৰ হুছেইনক গ্ৰেপ্তাৰ কৰে।