51 children died in government hospitals in Nagaon:নগাঁৱত চৰকাৰী চিকিৎসালয়ত তিনি মাহত মৃত্যু ৫১ টা শিশুৰ

govt hospita

51 children died in government hospitals in Nagaon:

ৰাজ্যৰ স্বাস্থ্যৰ নামত প্রতি বছবে শশ কোটি টকা ব্যয় কৰি অহা হৈছে যদিও চৰকাৰী চিকিৎসালয়তে প্রতি বছৰে ‘চিকিৎসাৰত অৱস্থাতে হেজাৰ হেজাৰ শিশুৰ মৃত্যু হৈ আছে। ইয়েই ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ উদঙাইছে। ৰাজ্যৰ চৰকাৰী চিকিৎসালয়সমূহত নৱজাতক আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰা হৈছে বুলি স্বাস্থ্য বিভাগে প্রায়েই দাংকোপ মাৰি আহিছে যদিও ইয়াৰ সংখ্যা যিটো হাৰত হ্রাস পাব লাগিছিল তেনেধৰণে হ্রাস পোৱা পৰিলক্ষিত হোৱা নাই। ইয়াৰ বিপৰীতে ৰাজ্যৰ চৰকাৰী খণ্ডৰ চিকিৎসালয়সমূহত প্রতি বছৰে শ শ সদ্যজাত নৱজাতকৰ মৃত্যু হৈ আছে।

লগতে এই চিকিৎসালয়সমূহত অস্বাভাৱিক হাৰত আন শিশুৰ মৃত্যুও হৈয়েই আছে। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, চলিত বৰ্ষৰ এপ্রিল, মে’ আৰু জুনত ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ত মুঠ ৮৪৯ টা শিশুৰ চিকিৎসাৰত অৱস্থাতে মৃত্যু হৈছে। ইয়াৰে এপ্রিলত ৩২০ টা, মে’ত ৩০৩ টা আক জুনত ২২৬ টা শিশুৰ মৃত্যু হয়। আনহাতে, নগাঁও জিলাৰ চৰকাৰী খণ্ডৰ চিকিৎসালয়ত এই তিনিটা মাহত মৃত্যু হৈছে ৫১ টা শিশুৰ। ইয়াৰে এপ্রিলত ১৮ টা, মে’ত ১৯ টা আৰু জুনত ১৪ টা শিশুৰ মৃত্যু হৈছে।

ইপিনে, ২০২০-২০২১৩ ৰাজ্যখনত চিকিৎসালয়ত মুঠ ৯৪৭৫ টা শিশুৰ মৃত্যু হৈছিল। ইয়াৰ ভিতৰত নগাঁও জিলাৰ চিকিৎসালয়ত মৃত্যু হয় ৫০৭ টা শিশুব। আনহাতে, ২০২১-২০২২ত ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসাৰত অৱস্থাতে মৃত্যু হয় ৭৯১০ টা শিশুৰ। বৰ্ষটোত নগাঁও জিলাৰ চিকিৎসালয়ত মৃত্যু হয় ৩৯১ টা শিশুৰ। ঠিক একেদৰে, ২০২২-২০২৩ ত ৰাজ্যখনৰ চৰকাৰী চিকিৎসালয়তে মৃত্যু হয় ৬৭৩৭ টা শিশুৰ।

বর্ষটোত নগাঁও জিলাৰ চৰকাৰী খণ্ডৰ চিকিৎসালয়ত চিকিৎসাৰত অৱস্থাতে মৃত্যু হয় ৩৭৭ টা শিশুৰ। নৱজাতক-শিশুৰ মৃত্যুৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি ২০২৩-২০২৪ত ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসাৰত অৱস্থাতে মৃত্যু হয় ৪৭৯৩ টা শিশুৰ। বৰ্ষটোত কেৱল নগাঁও জিলাৰ চৰকাৰী চিকিৎসালয়ত মৃত্যু হয় ১৯৭ টা শিশুৰ।

স্মর্তব্য যে ২০২২-২০২৩ত ৰাজ্যখনৰ বিভিন্ন চৰকাৰী খণ্ডৰ চিকিৎসালয়ত জন্মৰ ২৪ ঘণ্টাৰ ভিতৰত ৬০৪ টা নৱজাতকৰ, জন্মৰ পৰা সাত দিনৰ ভিতৰত ৩০৯৮টা শিশু, জন্মৰ পৰা ২৮ দিনৰ ভিতৰত ৮৪৯ টা শিশুৰ, জন্মৰ এক বছৰৰ ভিতৰাৰ ১৭৪৭ টা শিশুৰ, এক-পাঁচ বছৰ বয়সৰ ৪৩৯ টা শিশুৰ মৃত্যু হৈছিল। আনহাতে, বর্ষটোত নগাঁও জিলাৰ চৰকাৰী খণ্ডৰ চিকিৎসালয়ত জন্মৰ ২৪ ঘণ্টাৰ ভিতৰতে ৬২ টা নৱজাতকৰ, জন্মৰ সাত দিনৰ ভিতৰৰ ২৩৬ টা শিশুৰ, জন্মাৰ ২৮ দিনৰ ভিতৰৰ ১৯ টা শিশুৰ, জন্মৰ এক বছৰৰ ভিতৰৰ ৪৯টা শিশুৰ, এক-পাঁচ বছৰ বয়সৰ ১১ টা শিশুৰ মৃত্যু হৈছিল।

আনহাতে, ২০২৩-২০২৪ত ৰাজ্যৰ চৰকাৰী খণ্ডৰ চিকিৎসালয়ত জন্মৰ ২৪ ঘন্টাৰ ভিতৰতে ৩৬৫ টা নৱজাতকৰ, জন্মৰ সাত দিনৰ ভিতৰত ২৩৪৩ টা শিশুৰ, জন্মৰ ২৮ দিনৰ ভিতৰৰ ৭২১ টা শিশুৰ, জন্মৰ পৰা এক বছৰৰ ভিতৰৰ ১০৩২ টা শিশুৰ আৰু এক-পাঁচ বছৰৰ ভিতৰৰ ৩৫১ টা শিশুৰ মৃত্যু হয়। বর্ষটোত নগাঁও জিলাৰ চৰকাৰী খণ্ডৰ চিকিৎসালয়ত জন্মৰ ২৪ ঘণ্টাৰ ভিতৰতে ২৮ টা নৱজাতকৰ, জন্মৰ পৰা সাত দিনৰ ভিতৰৰ ১৩৪ টা শিশুৰ, জন্মৰ পৰা ২৮ দিনৰ ভিতৰৰ ২১ টা শিশুৰ, জন্মৰ পৰা এক বছৰৰ ভিতৰৰ পাঁচটা শিশুৰ আৰু এক-পাঁচ বছৰৰ পাঁচটা শিশুৰ মৃত্যু হয়।

উল্লেখ্য যে পূৰ্বৰ বৰ্ষসমূহৰ তুলনাত ৰাজ্যখনত নৱজাতক আৰু শিশুৰ মৃত্যুৰ হাৰ চৰকাৰী খণ্ডৰ চিকিৎসালয়ত কিছু কমিছে যদিও ই যি ধৰণে হ্রাস পাব লাগিছিল তেনে ধৰণে হ্রাস পোৱা নাই। যিটো ৰাজ্যৰ চৰকাৰী খণ্ডৰ স্বাস্থ্য খণ্ডৰ বাবে চৰম ব্যৰ্থতা হিচাপে চিহ্নিত হৈছে বুলি ৰাইজে মন্তব্য কৰিছে।

Exit mobile version