Lok Sabha Speaker’s Election will be held on Wednesday:লোকসভাৰ অধ্যক্ষৰ বাবে মনোনয়ন পত্ৰ দাখিল ওম বিৰলাৰ

ইণ্ডিয়া মৰ্চাই নিক্ষেপ কৰিলে আঠবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত কংগ্ৰেছ সাংসদ কে সুৰেশক

om birla

Lok Sabha Speaker’s Election will be held on Wednesday:

লোকসভা অধ্যক্ষ পদক লৈ এনডিএ আৰু ইণ্ডিয়া মৰ্চাই প্ৰক্ষেপ কৰিলে নিজ নিজ প্ৰাৰ্থী ৷ প্ৰথমবাৰৰ বাবে এইবাৰ অধ্যক্ষ পদৰ বাবে হ’ব নিৰ্বাচন ৷ উল্লেখ্য যে,চিৰাচৰিতভাৱে উপাধ্যক্ষ পদটো সদায় বিৰোধীক এৰি দিয়া হয় ৷ কিন্ত এইবাৰ উপাধ্যক্ষ পদটো বিৰোধীক এৰি নিদিয়ে এন ডি এ ৷ যাৰ ফলস্বৰূপে কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়া মৰ্চাই অধ্যক্ষ পদৰ বাবে প্ৰক্ষেপ কৰিছে আঠবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱা অভিজ্ঞ সাংসদ কে সুৰেশক।

আনহাতে এন ডি এৰ লোকসভা অধ্যক্ষ পদৰ প্ৰাৰ্থী হিচাপে দ্বিতীয়বাৰৰ বাবে ওম বিৰলাক অৱতীৰ্ণ কৰাইছে ৷  ইতিমধ্যে আজি শাসক- বিৰোধীৰ দুয়ো গৰাকী প্ৰাৰ্থীয়ে আজি দাখিল কৰে মনোনয়ন পত্ৰ ৷ বুধবাৰে অনুষ্ঠিত হ’ব লোকসভা অধ্যক্ষৰ বাবে ভোটদান পৰ্ব ৷

মঙলবাৰে পুৱা ভাগত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেক সাক্ষাৎ কৰি লোকসভা অধ্যক্ষ পদৰ বাবে সমৰ্থন বিচাৰিছিল। একেদৰে উপাধ্যক্ষ পদটো ইণ্ডিয়া মৰ্চাক এৰি দিবলৈ খৰ্গেই ৰাজনাথ সিঙক অনুৰোধ জনায় ৷ কিন্ত এই সন্দৰ্ভত কোনো সুদত্তৰ নিদিয়াকৈ উভতে প্ৰতিৰক্ষা মন্ত্ৰী গৰাকী। ইয়াৰ পিছতে বিজেপিয়ে ঘোষণা কৰে কোনোপধ্যেই বিৰোধীক এৰি নিদিয়ে উপাধ্যক্ষ পদটো ৷ এন ডি এ এই দৃষ্টিকোণৰ পাছতে ইণ্ডিয়া মৰ্চাই নিজাববীয়াকৈ অধ্যক্ষ নিক্ষেপ কৰাৰ সিদ্ধান্ত লয়। সেই অনুসৰি আঠবাৰকৈ সাংসদ হোৱা কংগ্ৰেছৰ সাংসদ কেৰেলাৰ কে সুৰেশক অধ্যক্ষ প্ৰাৰ্থী হিচাপে মনোনিত কৰে ৷ কিন্তু কংগ্ৰেছে লোকসভাৰ উপাধ্যক্ষ পদটো বিচৰা পাছতে সলনি হয় প্ৰেক্ষাপট।

এনে প্ৰেক্ষাপটত বুধবাৰে দিনৰ এঘাৰ বজাত প্ৰথমবাৰৰ বাবে অষ্টাদশ লোকসভাৰ অধ্যক্ষ পদৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন ৷ বিজয়ীৰ বাবে প্ৰয়োজনীয় সংখ্যাৰ বলত এন ডি এ প্ৰাৰ্থী ওম বিৰলা দ্বিতীয়বাৰৰ বাবে অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে ৷ উল্লেখ্য যে,সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত মুঠ আসন ৫৪৩ ৰ ভিতৰত এন ডি এ লাভ কৰে ২৯৩ খন আসন আৰু ইণ্ডিয়া মৰ্চাই লাভ কৰে ২৩৫ খন আসন ৷

Exit mobile version