Shocking Murder in Kahilipara:মহানগৰীৰ কাহিলীপাৰাত হত্যাকাণ্ড

অবৈধ প্ৰেমিকৰ সৈতে মিলি চিআৰপিএফ জোৱান স্বামীক হত্যা পত্নীৰ, পৰকীয়া প্ৰেমৰ বাবেই দিটুমণি হালৈ নামৰ চিআৰপিএফ জোৱানজনক পত্নীয়ে হত্যাৰ সন্দেহ

KQAHILIPARA MURDER

Shocking murder in Kahilipara:

মহানগৰীৰ কাহিলীপাৰাত চাঞ্চল্যকৰ হত্যাকাণ্ড ৷পৰকীয়া প্ৰেমৰ বাবেই পত্নীয়ে স্বামীক হত্যা কৰাৰ অভিযোগ ৷ হত্যাৰ বলি হোৱা চিআৰপিএফ জোৱানজনৰ নাম দিটুমণি হালৈ ৷

প্ৰাপ্ত খবৰ অনুসৰি, মণিপুৰৰ ১৭৫ নং চিআৰপিএফ বেটেলিয়নত কৰ্মৰত আছিল দিটুমণি। নিজ পত্নী হীৰামণি হালৈ আৰু অবৈধ প্ৰেমিকৰ স’তে মিলি   দিটুমণিক হত্যাৰ সন্দেহ কৰা হৈছে।

উল্লেখ্য যে,বিবাহৰ পিছৰে পৰা দুই স্বামী- স্ত্ৰীৰ মাজত কেতবোৰ বিষয়ক লৈ প্ৰায়ে কাজিয়া হৈ থকাটো নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছিল ৷ দিটুমণিৰ স্থায়ী ঘৰ টিহুত হোৱাৰ বিপৰীতে পত্নী হীৰামণি হালৈৰ ঘৰ সৰ্থেবাৰীত ৷ দুয়োৰে আছে দুটি সন্তান ৷ বৰপুত্ৰ মুকবধিৰ ৷ মুকবধিৰ পুত্ৰক কাহিলীপাৰাৰস্থ মুকবধিৰ বিদ্যালয়ত পঢ়ুৱাৰ বাবেই দুই স্বামী- স্ত্ৰী ভাড়া কৰি আছিল কাহিলিপাৰাৰ আদশপুৰ পথৰ ভাড়াঘৰত ৷ পৰিকল্পিত হত্যাকাণ্ড এই ভাড়াঘৰতে সংগঠিত হৈছিল ৷

সোমবাৰে দিনৰ প্ৰায় ১ বজাতেই এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। উদ্থাপিত অভিযোগ অনুসৰি দিটুমণিক গামোচাৰে ডিঙি চেপি হত্যা কৰা হৈছিল ৷ ইতিমধ্যে ঘটনাস্থলীত ভগদত্তপুৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত

Exit mobile version