Son kills his Mother:ৰাজ্যৰ দুই স্থানত মৰ্মান্তিক ঘটনা

কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ'ল জন্মদাত্ৰী মাতৃৰ,আৰক্ষীৰ জালত দুই পাষাণ পুত্ৰ

kokrajhar

Son kills his Mother:

দেৰগাঁও আৰু কোকোৰাঝাৰত বৰ্বৰ ঘটনা ৷ কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ’ল দুগৰাকী জন্মদাত্ৰী মাতৃৰ ৷ প্ৰথম ঘটনাৰ স্থান দেৰগাঁৱৰ বুঢ়ালিকচন গাঁও ৷ দীপমনি বৰা নামৰ পাষাণ পুত্ৰৰ অত্যাচাৰৰ বলি হৈ সোমবাৰে কৰুণ মৃত্যুক সাবটি লয় মাতৃ ৰেনুমাই বৰাই।

প্ৰাপ্ত খবৰ অনুসৰি,কুলাংগাৰ পুত্ৰ দীপমণিয়ে বহু দিন ধৰি নিজ জন্মদাত্ৰী পিতৃ-মাতৃক শাৰীৰিকভাৱে মাৰধৰ কৰি আহিছিল ৷ সোমবাৰে পিতৃক দাৰে আঘাত কৰাৰ লগতে মাতৃৰ গালৈ নিক্ষেপ কৰিছিল ইটা ৷ একেদৰে পৰিয়ালৰ আন আন সদস্যকো প্ৰহাৰ কৰিছিল ৷ পুত্ৰৰ ইটাৰ আঘাতত ৰোগাক্ৰান্ত মাতৃ গুৰুতৰভাৱে আহত হয় ৷ পৰিয়ালৰ লোকে ততাতৈয়াকৈ স্থানীয় প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও চিকিৎসকৰ পৰামৰ্শক্ৰমে উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হয় ৷

কিন্ত চিকিৎসাধীন অৱস্থাতে মঙলবাৰে শেষ নিশ্বাস ত্যাগ কৰে বৃদ্ধা মাতৃ গৰাকীয়ে। চিকিৎসকে সদৰি কৰা মতে,ইটাৰ আঘাতত মস্তিষ্কৰ জটিল ৰোগত আক্ৰান্ত হৈ কৰুণ মৃত্যু ঘটে মাতৃ গৰাকীৰ ৷ আনহাতে, পিতৃ-মাতৃক আক্ৰমণ কৰা পাষাণ পুত্ৰ দীপমনি বৰা বৰ্তমান পলাতক অৱস্থাত আছে ৷ আৰক্ষীয়ে মাতৃহন্তা পুত্ৰৰ সন্ধানত ঢেকীয়াল আৰক্ষীয়ে অভিযান চলাইছে ৷

আনহাতে আন এক মৰ্মান্তিক ঘটনা সংঘটিত হয় কোকৰাঝাৰৰ চহৰৰ হাথিমাথাত সোমবাৰে নিশা ৷ ড্ৰাগছ আসক্ত পুত্ৰৰ হাতত প্ৰাণ গ’ল নিজ জন্মদাত্ৰী মাতৃৰ। জানিব পৰা মতে,বৃদ্ধা মাতৃয়ে ড্ৰাগছ কিনিবলৈ টকা নিদিয়াৰ বাবেই পাষাণ পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ’ল মাতৃ গৰাকীৰ ৷ মাতৃহন্তা অভিযুক্ত পুত্ৰ নাম পদ্যমণি ব্ৰহ্ম। পুত্ৰ উপযুপৰি প্ৰহাৰত কৰুণ মৃত্যুক সাৱটি লয় ৭৫ বছৰীয়া বৃদ্ধা মাতৃ পাৰ্বতী ব্রহ্মই ৷

ইতিমধ্যে মাতৃহন্তা কুলাংগাৰ পুত্ৰক কোকৰাঝাৰ আৰক্ষীয়ে আটক কৰিছে ৷ স্থানীয় প্ৰতিবেশীয়ে অভিযোগ কৰা মতে,প্ৰায়ে পদ্যমণিয়ে ড্ৰাগছ কিনিবলৈ মাতৃক টকা দাবী কৰি আহিছিল। টকা দিবলৈ অমান্তি হ’লেও বৃদ্ধা মাতৃক শাৰীৰিকভাৱে মাৰধৰ কৰাটো নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছিল ।

সোমবাৰে নিশাও ড্ৰাগছ আসক্ত পুত্ৰই কাঠৰ টেবুল এখনেৰে বৃদ্ধা মাতৃক আক্ৰমণ কৰে ৷ ফলত মুৰত গুৰুতৰভাৱে আহত হৈ কৰুণ মৃত্যুক সাবটি লয় মাতৃ গৰাকীয়ে ৷ ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পাষাণ পুত্ৰ পদ্যমণি ব্ৰহ্মক ৷ আনহাতে, এই মৰ্মান্তিক ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ হাথিমাথাত অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ অঞ্চলবাসীয়ে ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰৰ দাবী তুলিছে ৷

Exit mobile version