Mother Nita will wear a gold saree at her son Anant’s wedding:পুত্ৰ অনন্তৰ বিবাহত সোনৰ শাড়ী পিন্ধিব মাতৃ নীতা আম্বানীয়ে

কাশীত তৈয়াৰ কৰিছে স্বৰ্ণ শাড়ী

nita ambani

Mother Nita will wear a gold saree at her son Anant’s wedding:

ভাৰতৰ সবাতোকৈ ধনাঢ্য উদ্যোগপতি মুকেশ আম্বানী আৰু ৰিলায়েন্স ফাউণ্ডেচনৰ প্রতিষ্ঠাপক তথা অধ্যক্ষ নীতা আম্বানীৰ পুত্ৰ অনন্ত আম্বানীৰ বিবাহৰ প্ৰস্তুতি অব্যাহত আছে। অনন্তই অহা ১২ জুলাইত আনুষ্ঠানিকভাৱে দীর্ঘদিনৰ প্ৰেমিকা ৰাধিকা মার্চেন্টৰ স’তে দাম্পত্য জীৱন আৰম্ভ কৰিব। প্ৰাক বিবাহ অনুষ্ঠানৰ পাছত এইবাৰ অতি আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হ’ব আম্বানী পুত্ৰৰ মূল বিবাহ অনুষ্ঠান।

এই অনুষ্ঠানলৈ দেশৰ লগতে বিদেশৰ বহু সন্মানীয় অতিথিক আম্বানী পৰিয়ালে আমন্ত্রণ জনাইছে। টাইমছ অৱ ইণ্ডিয়াৰ বাতৰিত উল্লেখ কৰা অনুসৰি, অনন্তৰ বিবাহত মাতৃ নীতাই পৰিধান কৰিব এখন বিশেষ শাড়ী। এই শাড়ীখন স্বৰ্ণৰে তৈয়াৰী। বিগত চাৰি মাহ ধৰি বস্ত্ৰ শিল্পীয়ে কাশীত স্বর্ণখচিত এই শাড়ী তৈয়াৰত ব্যস্ত আছে। সোণৰ সূতাৰে তৈয়াৰ কৰা হৈছে নীতাৰ শাড়ীখন।

যিদিনা নীতাই তেওঁৰ পুত্ৰৰ বিবাহৰ নিমন্ত্রণপত্রসহ কাশীত উপস্থিত হৈছিল, সেইদিনা তেওঁ ৰাম নগৰত থকা বস্ত্ৰ শিল্পী বিজয় মৌৰ্যৰ হেণ্ডলুম কাৰখানালৈ গৈ তৈয়াৰ কৰি থকা শাড়ীখনৰ খা-খবৰ লৈছিল। উক্ত শাড়ীত ব্যৱহাৰ কৰা মেটেৰিয়েলৰ তথ্যপাতিও নীতাই বস্ত্রশিল্পীৰ পৰা অৱগত হৈছিল। নীতাই পুত্ৰৰ বিবাহ অনুষ্ঠানত পৰিধানৰ বাবে বস্ত্ৰ শিল্পীৰ পৰা অৰ্ডাৰ দি ১০০ৰো অধিক বিভিন্ন মেটেৰিয়েলৰ শাড়ী সংগ্ৰহ কৰা বুলিও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ।

Exit mobile version