Physically Disabled Bhavna Bora Of Rangapara:ৰঙাপৰাৰ শাৰীৰিক ভাবে সক্ষম ভাৱনাই তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা ব্যৱসায় প্ৰশাসনৰ স্নাতকোত্তৰ সৰ্বোচ্চ নম্বৰৰে ডিগ্ৰী লাভ 

হুইল চেয়াৰত বহি অধ্যয়ন কৰি আন শাৰীৰিক সক্ষম সকলক বাট দেখুৱাই গল 

rangamati

Physically Disabled Bhavna Bora Of Rangapara:

ৰঙাপৰাৰ নামনিগাঁও নিৱাসী মন্টু বৰা আৰু নিৰ্মলা বৰাৰ কন্যা ভাৱনাই বাণিজ্য বিভাগত অধ্যয়ন কৰাৰ ইচ্ছা সৰুৰে পৰা আছিল আৰু শাৰীৰিকভাৱে সক্ষম হৈও দৃঢ় মনৰ বাবে এই সফলতা অৰ্জন কৰিবলৈ অৱশেষত সক্ষম হৈছে। যথেষ্ট কষ্টৰে কন্যাৰ জীৱন গঢ়াৰ সংগ্রামে সফলতা লাভ কৰাত তেওঁলোক অত্যন্ত সুখী বুলি পিতৃ মন্টু বৰাই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।

তেজপুৰ বিশ্ববিদ্যালয়ৰ এগৰাকী দিব্যাংগ ছাত্ৰীৰ এনেধৰণৰ সাফল্যই কেৱল বিশ্ববিদ্যালয়তে নহয়, ৰঙাপৰাতো আনন্দৰ বন্যা বোৱাইছে। উল্লেখ্য যে ভাৱনাই ২০০৭ চনত জ্বৰত আক্ৰান্ত হৈছিল। চিকিৎসাৰ ভুলৰ বাবে তেওঁৰ দুয়োখন ভৰিয়েই অচল হৈ পৰে। সামান্য উপাৰ্জনেৰে পৰিয়াল পোহপাল দিয়া পিতৃ মন্টু বৰাই দেশৰ বহু প্রতিষ্ঠিত চিকিৎসালয়ত চিকিৎসা কৰোৱায় যদিও ব্যর্থ হয়।

ইপিনে, দুৰ্বাৰ হেঁপাহেৰে অধ্যয়ন কৰি এগৰাকী প্ৰতিষ্ঠিত নাগৰিক হ’বলৈ বিচৰা ভাৱনাই সপ্তম শ্রেণীলেকৈ ঘৰতে অধ্যয়ন কৰে। চিকিৎসকৰ ভুলৰ বাবে অচল দুয়োখন ভৰি বিপৰীতে ২০১৪ৰ পৰা হুইল চেয়াৰত বহি অধ্যয়ন কৰাৰ লগতে পৰীক্ষাত অৱতীৰ্ণ হয় । সৰুৰে পৰা মেধাসম্পন্ন ছাত্ৰীগৰাকীয়ে ‘শুশ্রূষা, শিক্ষা আৰু পেছা ২০১৮’ শীৰ্ষক ৰচনা প্রতিযোগিতাতো উত্তৰ- পূব ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল।

তেওঁ এইবাৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ ব্যৱসায় প্ৰশাসনৰ (বিজনেছ এডমিনিষ্টেচন) স্নাতকোত্তৰ ডিগ্রী লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে। মানৱ সম্পদ ব্যৱস্থাপনা আৰু বিত্ত বিষয়ক বিশেষ বিষয় হিচাপে অধ্যয়ন কৰি ৮.৭৭ চিজিপিৰে সৰ্বোচ্চ নম্বৰ লাভ কৰি মনে বিচৰাৰ দৰে আগবাঢ়ি যাবলৈ সক্ষম হয়।

ৰঙাপৰাৰ বিশেষভাৱে সক্ষম ভাৱনাই উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮৭.৬ শতাংশ নম্বৰ লাভ কৰাৰ লগতে ২০১৭ বৰ্ষত ৰঙাপৰাৰ গ্রীন ডেল স্কুলৰ পৰা ১০ প্লাছ গ্রেড ‘এ’ লাভ কৰি উত্তীৰ্ণ হৈছিল।

Exit mobile version