52 Drugs in India are of Low Quality, CDSCO issues Warning:
বহুল ব্যৱহৃত ৫২ টা দৰৱ নিম্নমানৰ বুলি চিহ্নিত কৰিলে চেন্টেল ড্রাগছ স্টেন্ডার্ড কন্ট্র’ল অর্গেনাইজেচন (চিডিএছচিঅ’) এ। ইতিমধ্যে নিৰীক্ষক সংস্থাটোৱে এই বিষয়ত সতর্কতা জাৰি কৰিলে। নিম্নমানৰ বুলি চিনাক্ত কৰা ৫২ দৰৱৰ ২২ টা হিমাচল প্রদেশত উৎপাদন কৰা হয়।
ADVERTISEMENT
এই দৰৱসমূহৰ নমুনা জয়পুৰ, হায়দৰাবাদ, ৱাঘোৰিয়া, ভডোদৰা, ইণ্ডোৰ আৰু অন্ধ্র প্রদেশৰ পৰা সংগ্ৰহ কৰা হৈছিল। নিম্নমানৰ বুলি চিহ্নিত কৰা এইসমূহ দৰৱ শীঘ্ৰে বজাৰৰ পৰা প্রত্যাহাৰৰ নির্দেশ দিয়া হৈছে।
মুঠ ৫২ দৰৱৰ নমুনা পৰীক্ষণৰ পাছত চিডিএছচিঅ’ৱে এই সন্দর্ভত সতর্কতা জাৰি কৰিছে। নিম্নমানৰ চিনাক্ত হোৱা দৰৱসমূহৰ ভিতৰত ক্ল’নাজেপাম, ডাইক্ল’ফেনাক, টেলমিচার্টন, এমব্রক্সল, ফ্লুক’নাজ’ল, এন্টিফাংগাল, কিছুসংখ্যক মাল্টিভিটামিন আৰু কেলচিয়াম টেবলেট আছে।