Former Jharkhand Chief Minister Hemant Soren has been granted bail:পাঁচমাহ কাৰাৰুদ্ধ হৈ থকাৰ পিছত জামিন লাভ ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ

ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন, চোৰেনৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাব ইডি

hemant soren

Former Jharkhand Chief Minister Hemant Soren has been Granted Bail:

ভূমি কেলেংকাৰীৰ আৰু অবৈধ ধনৰ লেনদেনৰ গোচৰত পাঁচমাহ ধৰি কাৰাৰুদ্ধ হৈ থকা ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ জামিন শুক্ৰবাৰে মঞ্জুৰ কৰে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে ৷

উল্লেখ্য যে, ভূমি কেলেংকাৰী আৰু অবৈধ ধনৰ লেনদেনৰ গোচৰত ইডিয়ে যোৱা ৩১ জানুৱাৰীত ঝাৰখণ্ড মুক্তি মৰ্চাৰ মুৰব্বী তথা তদানীন্তন নেতা মুখ্যমন্ত্ৰী হেমন্ত চোৰেনক গ্ৰেপ্তাৰ কৰিছিল ইডিয়ে। অৱশ্যে ১৩ মে’ত ৰাচীৰ বিশেষ আদালতত চোৰেনে জামিন আবেদন জনাইছিল যদিও আদালতে জামিন নাকচ কৰে ৷

একেদৰে ইডিৰ গ্ৰেপ্তাৰক বেআইনী বুলি অভিযোগ কৰি চোৰেনে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত আবেদন জনাইছিল যদিও ২২ মে’ত সেই আবেদন প্ৰত্যাহাৰ কৰে ৷ পৰৱৰ্তী সময়ত জামিনৰ বাবে দ্বাৰস্থ হয় ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ ৷ অৱশেষত আজি ন্যায়ালয়ে হেমন্ত চোৰেনৰ জামিনত মুক্তি দিয়ে ৷

উল্লেখ্য যে,গ্ৰেপ্তাৰৰ প্ৰাকমুহূৰ্তত হেমন্ত চোৰেনে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল ৷ কাৰাৰুদ্ধ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী আজি সন্ধিয়াৰ আগে আগে মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা আছে ৷ আনহাতে চোৰেনৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাব ইডি |

Exit mobile version