Russia bans 81 Western Media:৮১ পশ্চিম বিশ্বৰ গণমাধ্যমক নিষিদ্ধ ঘোষণা ৰাছিয়াৰ

russia

Russia bans 81 Western Media:৮১ পশ্চিম বিশ্বৰ গণমাধ্যমক নিষিদ্ধ ঘোষণা ৰাছিয়াৰ

ইউৰোপীয় ইউনিয়নভুক্ত ২৫ খন দেশৰ ৮১ টা গণ মাধ্যমক নিষিদ্ধ কৰিলে ৰাছিয়াই। এতিয়াৰে পৰা পশ্চিম বিশ্বৰ এইসমূহ গণমাধ্যম ৰাছিয়াবাসীয়ে প্রত্যক্ষ নকৰিব। অভিযোগ অনুসৰি দীর্ঘদিন ধৰি পশ্চিম বিশ্বৰ এই সমূহ গণমাধ্যমে ৰাছিয়া বিৰুদ্ধে বা-বাতৰি পৰিবেশন কৰি আহিছে।

ইউক্রেইন যুদ্ধৰ সন্দৰ্ভত এই সংবাদ মাধ্যমসমূহে অসত্য বাতৰি আক তথ্য সম্প্রচাৰ কৰা বুলিও মস্কোৱে অভিযোগ কৰিছে। ৰাছিয়াৰ বৈদেশিক মন্ত্রণালয়ে পশ্চিম বিশ্বৰ ২৫ খন দেশৰ ৮১ টা গণমাধ্যম নিষিদ্ধ কৰাৰ সিদ্ধান্তৰ কথা সদৰী কৰি কয় যে ,ৰাছিয়া বিৰোধী মিথ্যা বাতৰি আৰু অপপ্ৰচাৰ চলোৱাৰ কাৰণত মস্কোৱে এইসমূহ বিদেশী সংবাদ মাধ্যম ৰাছিয়াত নিষিদ্ধ কৰিলে।

ৰাছিয়াই নিষিদ্ধ কৰা সংবাদ সংস্থাৰ মাজত এএফপি, স্পিগেল, এল পেৰিছ, পলিটিক’ৰ লগতে অস্ট্রিয়া, ইটালী আদি দেশৰ বিখ্যাত সংবাদ সংস্থাও আছে।

Exit mobile version