Tragic Road Accident in Karnataka’sHaveri, Karnataka:কৰ্ণাটকৰ হাভেৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

দুৰ্ঘটনাত দুটি শিশু সহ নিহত ১৩ গৰাকী লোক,গুৰুতৰভাৱে আহত ৪ জন

kar5nataka acident

Tragic Road Accident in Karnataka’s Haveri, Karnataka:

কৰ্ণাটকৰ হাভেৰীৰ ব্যাদাগী তালুকৰ গুণেনাহল্লী ক্ৰছৰ সমীপত শুক্ৰবাৰে পুৱাতে সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া এখন ট্ৰেভেলাৰ মিনি বাছে ৰৈ থকা ট্ৰাকত খুন্দা মৰাৰ ফলত দুটি শিশু সহ ১৩ লোকৰ কৰুণ মৃত্যুক সাবটি লয় ৷ ভয়াৱহ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় চাৰিজন তীৰ্থযাত্ৰী ৷

প্ৰাপ্ত খবৰ অনুসৰি শুকুৰবাৰে পুৱা চাৰিমান বজাত কৰ্ণাটকৰ হাভেৰীত বেংগালুৰু-পুনে ৰাষ্ট্ৰীয় ঘাইপথ ৪৮ৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত তীৰ্থযাত্ৰী কঢ়িয়াই অনা এখন ট্ৰেভেলাৰ মিনি বাছে পিছফালৰ পৰা প্ৰচণ্ড খুন্দা মাৰে ফলত ৭ গৰাকী মহিলা আৰু দুটি শিশু সহ ১৩ জন তীৰ্থযাত্ৰী নিহত হোৱাৰ লগতে আন চাৰিজন গুৰুতৰভাৱে আহত হয়।

আহত চাৰিজন তীৰ্থযাত্ৰীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে আৰু তেওঁলোকক ইতিমধ্যে ভৰ্তি কৰা হয় চিকিৎসালয়ত ৷ শোকাৱহ দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱা দুৰ্ভগীয়া তীৰ্থযাত্ৰীসকল হ’ল পৰশুৰাম (৪৫), ভাগ্য (৪০), নাগেশ (৫০), বিশালাক্ষী (৪০), অৰ্পিঠা (১৮), সুভদ্ৰা বাই (৬৫), পুন্য (৫০), মঞ্জুলাবাই (৪০), মানস (২৪), ৰূপা (৪০) আৰু মঞ্জুলা (৪০) ৷ এই দুৰ্ঘটনাত ট্ৰেভেলাৰ খনৰ চালক আদৰ্শ (২৩)ও নিহত হয়।

আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষী উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত অভিশপ্ত বাছ খনৰ পৰা আহত সকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ প্ৰেৰণ কৰে চিকিৎসালয়লৈ ৷ একেদৰে মৃতদেহ সমূহ মৰনোত্তৰ পৰীক্ষাৰ বাবে হাভেৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

এই শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱা লোক সকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰি কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই কয় “হাভেৰীৰ সমীপত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত শিমোগা জিলাৰ ভদ্ৰাৱতীত ১৩ জন লোকৰ মৃত্যুৰ খবৰ পাই দুখ পাইছো। বিদেহী আত্মাই শান্তি লাভ কৰিবলৈ প্ৰাৰ্থনা জনাইছো। শোকসন্তপ্ত পৰিয়াললৈ মোৰ সমবেদনা।

একেদৰে হাভেৰীৰ সাংসদ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্বাইয়ে এই দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰি কয়, ‘হাভেৰী জিলাৰ বদগী তালুকৰ গুণ্ডেনাল্লী ক্ৰছৰ সমীপত আজি পুৱা এক ভয়ংকৰ দুৰ্ঘটনাত ১৩ জন লোকৰ মৃত্যু হোৱাৰ খবৰ শুনি স্তম্ভিত হৈ পৰিলোঁ। ভগৱানে মৃতকৰ আত্মাক শান্তি প্ৰদান কৰক আৰু পৰিয়ালক তেওঁলোকৰ ক্ষতিৰ শোক সহ্য কৰিবলৈ শক্তি প্ৰদান কৰক।’ একেদৰে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা মৃতকৰ পৰিয়ালক পৰ্যাপ্ত ক্ষতিপূৰণ দি আহতসকলক উপযুক্ত চিকিৎসা প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰক অনুৰোধ জনালোঁ।’

Exit mobile version