Three Women Traffickers Arrested:বিয়াৰ প্ৰলোভন দি বহিঃৰাজ্যলৈ অসমৰ যুৱতী সৰবৰাহৰ চেষ্টা

তিনি সৰবৰাহকাৰীক আইএছ বি টিত আটক বশিষ্ট আৰক্ষীৰ

isbt

Three Women Traffickers Arrested:

ৰাজ্যত শেহতীয়াকৈ সক্ৰিয় হৈ পৰিছে আন্তঃৰাজ্যিক নাৰী সৰবৰাহকাৰী চক্ৰ ৷ বহি:ৰাজ্যৰ এই দুষ্ট চক্ৰৰ কবলত পুনৰ পৰিছে অসমৰ যুৱতী | বিয়াৰ প্ৰলোভন দি বহি:ৰাজ্যলৈ নিয়াৰ বাবে ৰাজ্যৰ কেতবোৰ স্থানত বাহৰ পাতিছে নাৰী সৰবৰাহকাৰী চক্ৰ ৷ তিনিচুকীয়াৰ যুৱতী এগৰাকীক এদিনৰ ভিতৰতে বিবাহ কৰাই ৰাজস্থানলৈ সৰবৰাহৰ তৎপৰতা কৰি থাকোতেই আৰক্ষীৰ জালত পৰে তিনি সৰবৰাহকাৰী ৷

এই ঘটনাক লৈ শণিবাৰে পুৱাই খানাপাৰাত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ তিনি সৰবৰাহকাৰীয়ে গুৱাহাটীত তিনিওৱে চাকৰি কৰা বুলি ভুৱা পৰিচয় দি গুৱাহাটীলৈ আনিছিল যুৱতীক ৷ পৰৱৰ্তী সময়ত আইএছবিটিত বাছত উঠাই নিয়াৰ পৰিকল্পনাৰে আন কোনো লোকৰে দৰদাম কৰি থাকোতেই বশিষ্ট আৰক্ষীয়ে আটক কৰে সৰবৰাহকাৰী তিনিটাক ৷ ধৃত সৰবৰাহকাৰী কেইটাৰ নাম শিৱ শৰ্মা, ওম প্ৰকাশ আৰু ছিমিলাল ৷ তিনিও ৰাজস্থানৰ ৷

Exit mobile version