Education Department has Failed to Supply Higher Secondary Textbooks:শিক্ষা বিভাগৰ কাণ্ডত দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰী ভীষণ সমস্যাৰ সৃষ্টি উচ্চতৰ মাধ্যমিক পাঠ্যপুথি যোগানত ব্যৰ্থ

ranoj pegu

Education Department has Failed to Supply Higher Secondary Textbooks:

শিক্ষাৰ অধিকাৰ আইন ২০০৯ অনুসবি প্রাক্‌ প্রাথমিক স্তৰৰ পৰা কলেজ পর্যন্ত ছাত্র-ছাত্রীক বিনামূলীয়া পাঠ্যপুথি যোগান ধৰিব লাগে। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগেও মাজে-সময়ে বিনামূলীয়া পাঠ্যপুথি যোগান ধৰাৰ কথা কৈ দাংকোব মাৰি অহা পৰিলক্ষিত হৈছে।

কিন্তু বাস্তৱ ক্ষেত্ৰত এই ছবিখন সম্পূর্ণ বিপৰীত। কিয়নো এতিয়াও ৰাজ্যৰ উচ্চতৰ মাধ্যমিক স্তৰৰ অজস্র ছাত্র ছাত্রীয়ে বিভিন্ন বিষয়ৰ বিনামূলীয়া পাঠ্যপুথি লাভ কৰিবলৈ সক্ষম হোৱা নাই। ফলত দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলে ভীষণ সমস্যাৰ সম্মুখীন হ’বলগীয়া হৈছে।

শিক্ষা বিভাগৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ৰাজ্যখনত উচ্চতৰ মাধ্যমিক শ্রেণীৰ বাবে ৯৫টা বিভিন্ন বিষয় প্ৰৱৰ্তিত হৈ আছে। অৱশ্যে ইয়াৰে মাত্র ছটা বিষয় বাছি লৈ তেওঁলোকে পঢ়িব লাগে। কিন্তু চৰকাৰৰ শিক্ষা বিভাগে প্রতি বছৰে মাত্র ছয়-সাতটামান বিষয়ৰহে বিনামূলীয়া পাঠ্যপুথি ছাত্র-ছাত্রীক যোগান ধৰি আহিছে।

সচৰাচৰ কলা শাখাৰ অধিকাংশ ছাত্ৰ-ছাত্ৰীৰ পছন্দৰ বিষয় শিক্ষা, ভূগোল, বুৰঞ্জী, তর্ক আৰু দর্শন, সমাজতত্ত্ব, হিন্দী, আৰৱী, ঐচ্ছিক অসমীয়াকে প্ৰমুখ্য কৰি চাৰি কুৰিৰো অধিক বিষয়ৰ বিনামূলীয়া পাঠ্যপুথি চৰকাৰীভাৱে যোগান ধৰা নহয়।

আনহাতে, যিকেইটা বিষয়ৰ বিনামূলীয়া পাঠ্যপুথি যোগান ধৰা হয়, তাকো পাঠদান আৰম্ভ হোৱাৰ ডেৰ-দুই মাহ সময়ৰ পাছতহে যোগান ধৰা হেতুকে বহুতেই দোকানৰ পৰা কিনি ল’বলগীয়া হয়। চৰকাৰৰ শিক্ষা বিভাগে ছাত্র-ছাত্রীক বিনামূলীয়া পাঠ্যপুথি যোগান ধৰাৰ নামত কৰি অহা প্ৰহসনৰ সন্দৰ্ভত সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক সংস্থাৰ এটি সঁজাতী দলে ৰাজ্যৰ শিক্ষামন্ত্রী ডা:ৰণোজ পেগুৰ স’তে এক আলোচনাত মিলিত হৈ যথাসময়ত অর্থাৎ পাঠদান আৰম্ভ হোৱাৰ পূৰ্বেই ছাত্র-ছাত্রীসকলক তেওঁলোকৰ বিনামূলীয়া পাঠ্যপুথি যোগান ধৰিবলৈ লগতে পৰাপক্ষত সকলোবোৰ বিষয়ৰে পাঠ্যপুথি যোগান ধৰিবলৈ দাবী জনাইছিল।

যদি চৰকাৰৰ কিবা অসুবিধা আছে তেন্তে ছাত্ৰ-ছাত্ৰীৰ বাবে ই-বুকৰ ব্যৱস্থা কৰিবলৈও আহ্বান জনাইছিল। সেই আলোচনাত শিক্ষামন্ত্ৰীৰে ই-বুকৰ ব্যৱস্থা কৰাৰ আশ্বাসো দিছিল যদিও মূৰকত সকলো ফুটুকাৰ ফেনতহে পৰিণত হয়।

Exit mobile version