Horoscope:ৰাশিফল
মেষ: পুৱা ১০টালৈ কিছু সাৱধান থকাটো ভাল। বিদ্যাত তেনে অসুবিধা নাই। কর্মব্যস্তসকল কর্মকালত কিবা অশান্তি অনুভৱ। ঘৰুৱাত শুভকর্ম সম্পাদনা। শৰীৰ সম্পৰ্কে সচেতন থাকক। আর্থিকত মজলীয়া। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ১।
বৃষ: কর্মাদিত মজলীয়া কোনো দায়িত্ব পালন কৰি সুখ। বিদ্যাতো বেয়া নহ’ব। জ্ঞাতি-কুটুম্বৰ চিন্তা থাকিব। বৰ্তমান পৰিৱেশৰ কথা ভাবি ফুৰা-চকাত নিজে সতর্ক থাকক। বন্ধুৰ সংগত সুখ। শুভ ৰং ৰঙা, শুভ সংখ্যা ৮।
মিথুন: পঢ়া-শুনাত মন বঢ়াওক। জ্ঞাতি-কুটুম্বৰ লগত সম্ভাৱ মজলীয়া। বন্ধু-বৰ্গৰ সংগ বা আগমন। ব্যৱসায়ত চিন্তা কম। আর্থিক ব্যয় হ’লেও প্রয়োজনীয় কাৰণ থাকিব। শৰীৰ মধ্যম। শুভ ৰং মেৰুণ, শুভ সংখ্যা ৭।
কর্কট: আর্থিকত খা-খৰচ বৃদ্ধি। বিভিন্ন পৰিৱেশৰ মাজেৰেও মনটো কোনো কাৰণে আনন্দিত হ’ব। কিবা পৰিৱৰ্তনৰ নতুনত্ব অনুভৱ। বিদ্যাত যত্ন ৰাখক। অভাৱত চিন্তাৰে সময় নষ্ট নকৰিব। সু- সংবাদ। শুভ ৰং বগা, শুভ সংখ্যা ৮।
সিংহ: কর্তব্যত নিজৰ দায়িত্ব পালন কৰিব যদিও কিবা আহুকাল দেখা যায়। মনৰ অৱস্থা মধ্যম। কোনো কাৰণে মনত দুখ আহিব পাৰে। বিদ্যাত বেয়া দেখা নাযায়। প্রেমত দুর্ভাৱনা থাকিব। শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৯।
কন্যা: বৰ উন্নত দিন নহ’ব। এটা নহয় এটা আহুকালৰ মুখামুখি হ’ব। অবাৱত কাৰো প্ৰতি খং কৰি লাভ নাই বুলি পাছত বুজিব। উদ্বিগ্নতাৰে কোনো সংবাদৰ অপেক্ষা কৰিব পাৰে। শুভ ৰং ৰঙা, শুভ সংখ্যা ২।
তুলা: যোগ্যজনে বিশেষ আশা কৰাটো দৰকাৰ হ’ব। কৰ্তব্যত নিজৰ দক্ষতা থাকিব। কিন্তু কোনো আকস্মিক ক্লেশে মনটো চঞ্চল কৰিব পাৰে। বিদ্যাত অনুকূল পৰিৱেশ। ভ্ৰমণৰ চিন্তা কৰিলেও কষ্ট। শুভ ৰং মেৰুণ, শুভ সংখ্যা ৪।
বৃশ্চিকঃ কোনোৱে আশাৰে কৰা অপেক্ষা কিছু সফল। যিদৰে কোনোরে বিভিন্ন অসুবিধাৰে দিনটো পাৰ কৰিব লাগিব। বিদ্যাত সিমান বেয়া দেখা নাযায়। খাদ্যাদিৰ প্রতি নজৰ ৰাখক। নতুন সংযোগৰ আশা। দাম্পত্যত মধ্যম। শুভ ৰং হালধীয়া, শুভ সংখ্যা- ৩।
ধনু: কর্মব্যস্ততা বাঢ়িব। শৰীৰ মধ্যম। গুৰুতৰ কাম আদি হাতত ল’লেও ভবা-শুনা কৰি ল’ব। নতুন উদ্যম। আর্থিকত খৰচ বৃদ্ধি। প্রেম-প্রীতিত মধ্যম। পঢ়া-শুনাত খেলি-মেলি থাকিব। শুভ ৰং ক’লা, শুভ সংখ্যা ২।
মকৰ: আজি পূর্বদিনতকৈ উন্নত। মনত দৃঢ়তাও থাকিব। যোগাযোগৰ পৰা উপকৃত হ’ব। উপৰুৱা ব্যৱসায়ত অনুকূলতা। বিদ্যাত যত্ন ৰাখক। মাতৃৰ স্বাস্থ্যৰ লগতে পিতৃৰ বাবে চিন্তা কৰাটো দৰকাৰ। ভ্ৰমণৰ যোগ। শুভ ৰং বগা, শুভ সংখ্যা ৫।
কুম্ভ: আর্থিকত হাত ধৰি চলক। বন্ধু-বান্ধৱৰ লগত সম্ভাৱ ৰাখিবলৈ সক্ষম হ’ব। আজি পূৰ্বদিনৰ তুলনাত কিছু উন্নত। শৰীৰৰ আহুকালো কমিব। বাহিৰা কথাত কিছু ব্যস্ত থাকিব। শুভ ৰং মেৰুণ, শুভ সংখ্যা ৭৮।
মীন: আকস্মিক কোনো সুযোগ বা সহায় সহযোগিতাৰ সম্ভাৱনা। মাতৃৰ শৰীৰ সম্পৰ্কে চিন্তা। বাকী পূজ্যজনৰ অৱশ্যে ভালেই দেখা যায়। নতুন যোগাযোগত অনুকূল আশা। বিদ্যাত বেয়া দেখা নাযায়। শুভ ৰং বগা। শুভ সংখ্যা ১।