Assam Flood Situation update:বানৰ সংহাৰ অব্যাহত ,চৌদিশে পানী আৰু পানী

ঘৰ-বাৰী ডুব যোৱা হেজাৰ হেজাৰ লোকে আশ্ৰয় লৈছে মথাউৰি-ৰেলপথ-ৰাষ্ট্ৰীয় পথত, বিপদসীমাৰ ওপৰৰে বৈছে ব্ৰহ্মপুত্রসহ ১০ খন উপনৈ, প্রতিদিনে বৃদ্ধি পাইছে মৃতকৰ সংখ্যা

flood 5555

Assam Flood Situation update:

ব্রহ্মপুত্রকে ধৰি ১০ খন নৈ আৰু উপনৈৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰৰে প্ৰৱাহিত হোৱাৰ পৰিণতিত ৰাজ্যত বান পৰিস্থিতিয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে। ইতিমধ্যেই প্লাৱিত হৈছে ২৯ খন জিলাৰ ১০৫ টা ৰাজহ চক্ৰৰ অন্তৰ্গত ২,৮০০ খনৰো অধিক গাঁও। যোৱা নিশা পর্যন্ত বানাক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে ১৬,২৫,০৮৯ জনলৈ। পৰিস্থিতি ক্রমাৎ জটিল হোৱাৰ লগে লগে চৰম দুর্ভোগৰ সম্মুখীন হ’বলগা হৈছে বানাক্রান্ত ৰাইজ। চৰকাৰীভাৱে মুকলি কৰা সামান্য সংখ্যক আশ্রয় শিবিৰত ২৫,৭৪৪ জন লোকে আশ্রয় গ্রহণ কৰাৰ বিপৰীতে আন বৃহৎসংখ্যক লোকে মথাউৰি, ৰেল পথ বা ৰাষ্ট্ৰীয় পথত তম্বু টানি আশ্রয় ল’বলগীয়া হৈছে।

হঠাতে সৃষ্টি হোৱা বানৰ ফলত সৰ্বসাধাৰণ ৰাইজে ঘৰৰ সকলো সা-সম্পদ এৰি প্ৰাণৰ মমতাত ওখ স্থানলৈ ঢাপলি মেলাৰ পাছত এতিয়া সম্মুখীন হৈছে ভীষণ খাদ্য সংকটৰ। চৰকাৰীভাৱে কিছু সাহায্য সামগ্রী বিতৰণ কৰা হৈছে যদিও আশ্রিত লোকসকলে ৪৮ ঘণ্টা পর্যন্ত অনাহাৰে-অনিদ্রাই থকাৰ পাছতহে চৰকাৰী সাহায্য সামগ্রীয়ে দুর্গতসকলৰ কাষ পাইছেগৈ।

উল্লেখ্য যে ৰাজ্যৰ চৌদিশে ব্যাপক হাৰত মথাউৰি ছিগাৰ ফলত নিশাৰ ভিতৰতে প্লাৱিত হৈছে অসংখ্য গাঁও। বিলাই- বিপত্তিৰ সীমা নোহোৱা হৈছে বানাক্রান্ত ৰাইজৰ। ৰাজ্যৰ প্রান্তে প্রান্তে বাঢ়নী পানীৰ প্রচণ্ড সোঁতত তিষ্ঠিব নোৱাৰি উটি গৈছে বহু লোকৰ লগতে অসংখ্য পশুধন।

আন একাধিক স্থানত আকৌ পানীত পৰি প্ৰাণহানি ঘটিছে বহুসংখ্যক লোকৰ। কালিলৈকে ৰাজ্যত ৩৮ জন লোকৰ মৃত্যুৰ পাছত বিগত ২৪ ঘণ্টাত ৰাজ্যৰ বিভিন্ন প্রান্তত শিশু-মহিলাসহ আঠজন লোকৰ সলিল সমাধি ঘটিছে। ইয়াৰ লগে লগে চলিত বানত মৃতকৰ সংখ্যা ৪৬ জনলৈ বৃদ্ধি পাইছে বুলি অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে যোৱনিশা সদৰী কৰিছে।

উল্লেখ্য যে ৰাজ্যত আজিও অপৰিৱৰ্তিত হৈয়ে আছে বান পৰিস্থিতি। মাজুলীত আজি দিনটোত সামান্য পৰিমাণৰ পানী কমিছে যদিও অব্যাহত আছে বানাক্ৰান্তৰ হাহাকাৰ। উল্লেখ্য যে যোৱা নিশাৰে পৰা ব্ৰহ্মপুত্ৰকে ধৰি আটাইবোৰ নদ-নদীৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে প্ৰৱাহিত হোৱা বাবে উজনিৰ সমান্তৰালকৈ নামনি অসমতো বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে।

ইতিমধ্যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি মন্ত্ৰীসভাৰ সদস্য সকল বাহৰ পাতি বানাক্ৰান্ত জিলা সমূহত ৷ বানত সৰ্বহাৰা হোৱা লোকসকলৰ ক্ষয়ক্ষতিৰ বুজ লোৱাৰ লগতে মতবিনিময় কৰিছে বানাক্ৰান্ত সকলৰ স’তে।

Exit mobile version