Five wolves were rescued from Laokhawa in Nagaon:নগাঁৱৰ লাওখোৱাৰ পৰা উদ্ধাৰ পাঁচটাকৈ পহু

lowkhua

Five wolves were rescued from Laokhawa in Nagaon:

বছৰৰ প্ৰথমটো বানৰ কৱলত পৰিছে লাওখোৱা-বুঢ়াচাপৰি অভয়াৰণ্য। অভয়াৰণ্য দুখন বানৰ কৱলত পৰাত বনৰীয়া জীৱ- জন্তুৱে বনাঞ্চল এৰি জনাঞ্চল লৈ ঢাপলি মেলিছে। নগাঁৱৰ ৰূপহীহাটৰ লাওখোৱা বন বিভাগে উদ্ধাৰ কৰিলে পাঁচটাকৈ পহু

বানৰ কৱলত পৰি বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই যোৱা পহুকেইটা উদ্ধাৰ কৰে বন বিভাগে। বিগত দুই দিনত জনাঞ্চলৰ পৰা পাঁচটাকৈ পশু উদ্ধাৰ কৰি লাওখোৱা বন্যপ্রাণী অভয়াৰণ্যত মুকলি কৰি দিয়ে।

ভূৰবন্ধা, বেলুগুৰি, বৰঘুলীৰ আদি অঞ্চলৰ পৰা লাওখোৱা বন বিভাগে উদ্ধাৰ কৰে পহুকেইটা। দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজক সজাগ হৈ থকাৰ লগতে বন্য জীব-জন্তু জনাঞ্চললৈ ওলাই গ’লে তৎক্ষণাৎ বন বিভাগক খবৰ দিবলৈ আহ্বান জনাইছে বন বিভাগে

Exit mobile version