UK general election,voting Continues:ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচন,ভোটদান অব্যাহত

ব্ৰিটেইনবাসীয়ে নিৰ্বাচন কৰিব নতুন মুখ্যমন্ত্ৰী, অপিনিয়ন পুলত ছুনাকৰ পাৰ্টিৰ পৰাজয়ৰ ইংগিত, ১৪ বৰ্ষত সলনি হৈছিল ৫ জন প্ৰধানমন্ত্ৰী

rishi sunak

UK General Election,voting Continues:

ব্ৰিটেইনত আজি অনুষ্ঠিত হৈছে সাধাৰণ নিৰ্বাচন ৷ পুৱা সাত বজাৰ পৰা আৰম্ভ হোৱা ভোটদান পৰ্ব সামৰণি পৰিব নিশা দহ বজাত ৷ ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি ছুনাক আৰু তেওঁৰ পত্নী অক্ষতা মূৰ্তিয়ে পুৱাতে নৰ্থালাৰটন ভোটগ্ৰহণ কেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ৷

উল্লেখ্য যে, ৰাজনৈতিক বিশেষজ্ঞ আৰু অপিনিয়ন প’লে ভৱিষ্যদ্বাণী কৰিছে যে ব্ৰিটেইনৰ বিৰোধী লেবাৰ পাৰ্টিয়ে আজি অনুষ্ঠিত নিৰ্বাচনত আধুনিক ইতিহাসৰ যিকোনো দলৰ সৰ্বাধিক সংখ্যাগৰিষ্ঠতা লাভেৰে চৰকাৰ গঠনৰ পূৰ্ণ সম্ভাৱনা আছে ৷

নিৰ্বাচনী সমীক্ষাই ইংগিত দিয়ে যে সংসদীয় নিৰ্বাচনত কনজাৰ্ভেটিভ পাৰ্টিৰ নেতৃত্বত ১৪ বছৰীয়া চৰকাৰৰ অন্ত পৰিব আৰু কেয়াৰ ষ্টাৰমাৰৰ লেবাৰ পাৰ্টিৰ হাতত তুলি দিব দেশ খনৰ ক্ষমতা ৷

বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ শেষ দিনটোত ব্ৰিটেইনৰ ৰাজনৈতিক নেতাসকলে সংখ্যালঘু ভোটাৰ সকলৰ কাষ চাপি বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ বিশেষকৈ হিন্দু ধৰ্মালম্বী অধ্যুষিত অঞ্চলত শাসনাধিষ্ঠ কনজাৰ্ভেটিভ পাৰ্টি আৰু লেবাৰ পাৰ্টিৰ নেতা সকলে ব্যাপক প্ৰচাৰ চলায় নিজৰ প্ৰাৰ্থীৰ সমৰ্থনত। উল্লেখ্য যে, ১৪ বছৰীয়া কনজাৰ্ভেটিভ শাসনৰ অন্ত পেলোৱাৰ বাবে বিৰোধী লেবাৰ দলটো এইবাৰ শক্তিশালী ৰূপত অৱতীৰ্ণ হৈছে ৷

আনহাতে, প্ৰধানমন্ত্ৰী ঋষি ছুনাকে প্ৰাক নিৰ্বাচনী সমীক্ষাক একেমুখে নাকচ কৰি দৃঢ়তাৰে কয় যে,পুনৰ লণ্ডনৰ মছনদ গঠন কৰিব তেওঁৰ দল কনজাৰ্ভেটিভে ৷ মনকৰিবলগীয়া যে,২০১০ চনত গৰ্ডন ব্ৰাউনে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পাছত ষ্টাৰমাৰ লেবাৰ পাৰ্টিৰ প্ৰথমজন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ সম্ভাৱনা আছে ৷

Exit mobile version