Union Minister Sonowal Visited the flood victims from Guijan Ghat in Tinsukia to Mulukgaon: নাৱেৰে তিনিচুকীয়াৰ গুইজান ঘাটৰ পৰা মুলুকগাঁৱলৈ যাত্ৰা কৰি বানাক্ৰান্তৰ অৱস্থাৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে

আশ্রয় শিবিৰত স্বচ্ছতা বজাই ৰখাকে ধৰি সকলো যাৱতীয় ব্যৱস্থা তৎপৰতাৰে উপলব্ধ কৰি ৰাখিবলৈ সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে সোণোৱালে

sonowal 1

Union Minister Sonowal Visited the flood victims from Guijan Ghat in Tinsukia to Mulukgaon:

বর্ধিত বান পৰিস্থিতিয়ে ৰাজ্যখনৰ লগতে ডিব্ৰুগড় লোকসভা সমষ্টিৰো বিভিন্ন অঞ্চল প্ৰভাৱিত কৰিছে। এই প্রতিকূল পৰিৱেশৰ মাজত আজি কেন্দ্রীয় কেবিনেট মন্ত্রী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সর্বানন্দ সোণোৱালে খোৱাং বিধানসভা সমষ্টিৰ বিভিন্ন ঠাই পৰিদৰ্শন কৰে। তদুপৰি তিনিটা বান সাহায্য শিবিৰতো তেখেতে উপস্থিত হৈ বানাক্ৰান্ত ৰাইজৰ সৈতে কথা পাতি ক্ষয়-ক্ষতিৰ বুজ লয়।

ৰাইজক সকাহ দিবলৈ সময়মতে সাহায্য সামগ্রী বিতৰণ, স্বাস্থ্যসেৱাৰ সুবিধা, বয়োজ্যেষ্ঠ আৰু শিশুসকলৰ বিশেষ যতন লোৱা, আশ্রয় শিবিৰত স্বচ্ছতা বজাই ৰখাকে ধৰি সকলো যাৱতীয় ব্যৱস্থা তৎপৰতাৰে উপলব্ধ কৰি ৰাখিবলৈ সংশ্লিষ্ট বিষয়াসকলক তেখেতে নির্দেশ দিয়ে। নাৱেৰে তিনিচুকীয়াৰ গুইজান ঘাটৰ পৰা মুলুকগাঁৱলৈ যাত্ৰা কৰি বানাক্ৰান্তৰ অৱস্থাৰো বুজ ল’লে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে।

সোণোৱালে উল্লেখ কৰে, “কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অতি গুৰুত্বসহকাৰে অসমৰ বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ যৌথভাৱে প্রয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অতি উদ্বিগ্নতাৰে ৰাজ্য চৰকাৰৰ পৰা অসমৰ বান পৰিস্থিতিৰ সঘনাই বুজ লৈ আছে। বানপানীৰ সময়ছোৱাত ৰাইজৰ সুবিধার্থে সাহায্য তথা উদ্ধাৰ অভিযান তীব্ৰতৰ কৰা হৈছে, সকলোধৰণৰ জৰুৰীকালীন সহায়-সহযোগিতা, সেৱা উপলব্ধ কৰা হৈছে।

বানপানী হ্রাস পোৱাৰ পাছত ক্ষতিপূৰণকে ধৰি অন্যান্য সা-সুবিধা আগবঢ়োৱাৰ ক্ষেত্ৰতো চৰকাৰে ক্ষিপ্ৰতাৰে কাম কৰিব। তদুপৰি ভগ্ন মথাউৰিৰ মেৰামতিৰ দিশটো তৎপৰতাৰে ত্বৰান্বিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিছোঁ।

 

বান পৰিস্থিতি পৰিদৰ্শনৰ এই সময়ছোৱাত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ সৈতে উপস্থিত থাকে বিধায়ক চক্ৰধৰ গগৈ, বিধায়ক বিনোদ হাজৰিকা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱা, অসম পেট্র’-কেমিকেলচ্ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা, তিনিচুকীয়া জিলা বিজেপিৰ সভাপতি কুশকান্ত বৰা, হাউছিং বৰ্ডৰ উপাধ্যক্ষ সুভাষ দত্ত, জিলা উপায়ুক্ত, বিজেপি অসম প্রদেশ সমিতিৰ সাধাৰণ সম্পাদক পুলক গোহাঁই, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা প্ৰমুখ্যে অন্যান্য সতীৰ্থসকল আৰু বিষয়াসকল।

Exit mobile version