sivsagar

Terrible incident in Sivsagar:

শিৱসাগৰত ভয়ংকৰ ঘটনা ৷

সাই বিকাশ একাডেমীৰ ছাত্ৰৰ ছুৰীকাঘাতত কৰুণ মৃত্যু শিক্ষকৰ ৷

ছুৰীৰে শিক্ষকক আক্ৰমণ কৰিছিল ঘাতক একাদশ শ্ৰেণীৰ ছাত্ৰজনে ৷

মুখ আৰু বুকুত দেগাৰেৰে উপযুপৰি আক্ৰমণ ৷

সংকটজনক অৱস্থাত প্ৰগতি হাস্পতাললৈ নিয়াৰ পথত আদবাটতে মৃত্যু শিক্ষকজনৰ ৷

অংকত কম নম্বৰ পোৱাৰ বাবে কটু কথা শুনাইছিল শিক্ষকজনে ৷

ঘৰৰ পৰা ইউনিফৰ্ম সলাই আহি ঘাতক ছাত্ৰজনে শ্ৰেণীকোঠাতে শিক্ষকজনক ছুৰীৰে কৰে আক্ৰমণ ৷

ঘাতক ছাত্ৰজনৰ ছুৰীকাঘাতত কৰুণ মৃত্যুক সাবটি লোৱা দুৰ্ভগীয়া শিক্ষকজনৰ নাম ৰাজেশ বাবু ৷

ঘাতক ছাত্ৰজনক আটক কৰি নিয়া হয় শিৱসাগৰ থানালৈ ৷

Exit mobile version