Jyotinagar Child Missing:মহানগৰীৰ জ্যোতিনগৰৰ নলাৰ কাষতে আঁঠুৱা তৰি নিশা কটালে দুৰ্ভগীয়া পিতৃয়ে

বৃহস্পতবাৰে জ্যোতিনগৰৰ নলাত উটি গৈছিল আঠবছৰীয়া কণমানি পুত্ৰ , এতিয়াও সন্ধান নাই শিশুটিৰ ,ঘটনাস্থলীলৈ যাব মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা

missing

Jyotinagar Child Missing:

আজিও সন্ধান নাই জ্যোতিনগৰৰ নলাত পৰি সন্ধানহীন হোৱা আঠবছৰীয়া অবিনাশৰ। ঘটনাস্থলীৰ পৰা ডেৰ কিলোমিটাৰ দূৰত আজি  উদ্ধাৰ হয়  দ্বিতীয় পাত চেণ্ডেল ৷ এছ ডি আৰ এফে স্নিফাৰ ড’গ লৈ অভিযান আৰম্ভ কৰিছে ৷ একেদৰে কোৰ লৈ নলাৰ বালি খান্দি উদ্ধাৰ অভিযান জিএমচিৰ কৰ্মচাৰীৰ। ক্ষন্তেক পাছতে ঘটনাস্থলীলৈ যাব মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা।

শেহতীয়া খবৰ অনুসৰি জ্যোতিনগৰৰ নলাত উটি যোৱা অবিনাশৰ সন্ধান ওলোৱাৰ সম্ভাৱনা। নলাত দুৰ্গন্ধৰ উৎস লৈ পানী সিচিব এছডিআৰএফে ৷

আনহাতে, মহানগৰীৰ জ্যোতিনগৰৰ নলাৰ কাষতে আঁঠুৱা তৰি নিশা কটালে দুৰ্ভগীয়া পিতৃ হৰলাল সৰকাৰে ৷ তেওঁ মন্তব্য পুত্ৰক লৈ হে গৃহাভিমুখী হ’ব ৷ অন্যথা এই স্থান ত্যাগ নকৰে । পুত্ৰক উদ্ধাৰৰ বাবে মুখ্যমন্ত্ৰীক কাতৰ আহ্বান দুৰ্ভগীয়া পিতৃৰ।

Exit mobile version