New record in visiting Amarnath:
অমৰনাথ তীর্থযাত্রাত এইবাৰ অভিলেখ সংখ্যক ভক্তই অংশ লৈছে। ইতিমধ্যে অমৰনাথৰ বাবা বৰ্ফানী দৰ্শনৰ ক্ষেত্ৰত ভক্তই নতুন ইতিহাস ৰচিলে। প্রতিদিনে গড়ে প্রায় ২০ হেজাৰ ভক্তই পবিত্র গুহা দৰ্শন কৰি আহিছিল।
যোৱা বছৰ অমৰনাথ যাত্রাত দশম দিনত তীর্থযাত্ৰীৰ সংখ্যই এক লাখৰ সীমা অতিক্রম কৰিছিল। কিন্তু এইবাৰৰ অমৰনাথ যাত্ৰা আৰম্ভ হোৱাৰ প্ৰথম পাঁচদিনতে ১,০৫,২৮২ জন ভক্তই বাবা বর্ফানীক দৰ্শন কৰিলে। যোৱা ২৯ জুনত এই তীর্থযাত্রা আৰম্ভ হৈছিল। তিনি জুলাইৰ দিনা সৰ্বাধিক ৩০,৫৮৬ জন তীর্থযাত্ৰীয়ে অমৰনাথ দৰ্শন কৰিলে।
চলিত তীর্থযাত্রাত অমৰনাথ দৰ্শনৰ পূৰ্বৰ সকলো অভিলেখ ভংগ হোৱাৰ সম্ভাৱনা আছে। অমৰনাথ যাত্ৰাৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাটো প্রশাসনে বিশেষ গুৰুত্ব আৰোপ কৰিছে ৷