Amarnath Yatra:✒️২২ দিনৰ বাবে স্থগিত ৰখাৰ পাছত অৱশেষত আৰম্ভ হৈছে বৈষ্ণো দেৱী যাত্ৰা।ৰিয়াছি জিলাৰ কাটৰাৰ বেছ কেম্পৰ পৰা বুধবাৰৰ পৰা পুনৰ আৰম্ভ হয় মাতা বৈষ্ণো দেৱী যাত্ৰা ।
২৬ আগষ্টত অৰ্ধকুৰী অঞ্চলৰ সমীপত ভূমিস্খলনৰ ফলত এই যাত্ৰা সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছিল।
এই দুৰ্ঘটনাত ৩০ জনতকৈ অধিক ভক্তই প্ৰাণ হেৰুৱালে। আৰু বহু যাত্ৰী আহত হয়।
প্ৰাপ্ত তথ্য অনুসৰি, প্ৰশাসনে পথটোৰ পৰা ভূমিস্খলন আঁতৰাই যাত্ৰা আৰম্ভ কৰিবলৈ অনুমতি দিছে। দৰ্শনী দেউৰীৰ পৰা আৰম্ভ হয় যাত্ৰা।
ইয়াতেই বৈষ্ণো দেৱী যাত্ৰাৰ ভক্তসকলক নাম পঞ্জীয়ন কৰাৰ পাছত RFID কাৰ্ড দিয়া হৈছে। তথ্য অনুসৰি,যাত্ৰা আৰম্ভ হোৱাৰ পাছত প্ৰথম দিনটোত তীৰ্থযাত্ৰীৰ সংখ্যা পূৰ্বতকৈ কম।
অৱশ্যে এই যাত্ৰাক লৈ তীৰ্থযাত্ৰীসকলৰ মাজত এক উন্মাদনা দেখা গৈছে ।































