Robbers in Guwahati: মহানগৰীত দিন দুপৰতে চোৰৰ লুটপাত

ৰাজপথৰ কাষত ৰখাই থোৱা বাহনত চোৰৰ চাফাই অভিযান, গাড়ীৰ গ্লাছ ভাঙি লুটি নিলে পিষ্টল আৰু নগদ ২৬ হাজাৰ টকা

ghy rubbury

Robbers in Guwahati:

মহানগৰীৰ স্মাৰ্ট আৰক্ষীক একপ্ৰকাৰ চেলেন্স দুৰ্বৃত্তই দিনদুপৰতে মহানগৰীৰ য’তে ত’তে ইটোৰ পিছত সিটোকৈ সংঘটিত কৰি গৈছে চুৰি কাণ্ড

শণিবাৰে মহানগৰীৰ ৰাজপথত দিন দুপৰতেই চোৰে চলালে লুটপাত । এখন চাৰিচকীয়া বাহনৰ গ্লাছ ভাঙি দুৰ্বৃত্তই লুট কৰি নিয়ে সক্ৰিয় গুলীসহ এটা পিষ্টল আৰু নগদ ২৬ হাজাৰ টকা।

এই ঘটনা সংঘটিত হয় বেলতলা ছাৰ্ভেত ৷ লখিমপুৰৰ ৱাছিম হাজৰিকা নামৰ লোকজনে নিজৰ এএছ০১-এফ ডব্লিউ ০৫১৩ নম্বৰৰ চাৰিচকীয়া বাহনখন পথৰ কাষত ৰখাই দোকান এখনলৈ বুলি ওলায় গৈছিল ৷ কিন্ত দোকানৰ পৰা উভতি আহি দেখে তেওঁৰ বাহন খনৰ গ্লাচ ভঙা ৷

বাহৰ ভিতৰত নাই লাইচেন্সযুক্ত ৰিভলভাৰ আৰু নগদ ২৬ হেজাৰ টকা ৷ দুৰ্বৃত্তই গ্লাছ ভাঙি গাড়ীৰ পৰা লুট কৰি নিয়ে উল্লিখিত সামগ্ৰী খিনি ৷ ইতিমধ্যে ভুক্তভোগী লোকজনে ঘটনা সন্দৰ্ভত দিছপুৰ থানাত দাখিল কৰিছে এজাহাৰ ।

Exit mobile version