Kidnapped Teenage -young woman rescued from Guwahati:মহানগৰীৰ পৰা অপহৃত যুৱতী-কিশোৰীক উদ্ধাৰ

বিহাৰৰ অপহৰণকাৰীৰ কৱলৰ পৰা উদ্ধাৰ দুয়োগৰাকীক, ভঙাগড় আৰক্ষীয়ে উদ্ধাৰ কৰে যুৱতী-কিশোৰীদ্বয়ক, ২৮ জুনত গুৱাহাটী ৰে'ল ষ্টেচনৰ পৰা হৈছিল অপহৰণ

ghy 2

Kidnapped Teenage- Young woman Rescued from Guwahati:

মহানগৰ আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ দুই অপহৃত কিশোৰী-যুৱতী। বিহাৰৰ অপহৰণকাৰী দল এটাৰ কৱলৰ পৰা উদ্ধাৰ কৰা হয় দুয়োকে ৷

মহানগৰীৰ তৰুণ নগৰৰ দুই যুৱতী- কিশোৰী যোৱা ২৮ জুনৰ পৰা নিৰুদ্দেশ হৈ আছিল ৷ ঘৰত কাজিয়া কৰি দুয়ো ওলাই গৈছিল গুৱাহাটী ষ্টেচনলৈ।  গুৱাহাটী ৰে’ল ষ্টেচনত ৰৈ থকা সময়তে দুই যুৱতী- কিশোৰীক বিহাৰৰ মানৱ সৰবৰাহকাৰী দলে অপহৰণ কৰি নি বিক্ৰী কৰিছিল বিহাৰৰ দেহ ব্যৱসায়ীৰ হাতত ৷

অপহৃত কিশোৰী-যুৱতীৰ পৰিয়ালৰ লোকে দিয়া এজাহাৰৰ ভিত্তিত ভঙাগড় আৰক্ষীয়ে অতি তৎপৰতাৰে বিহাৰত অভিযান চলাই অৱশেষত অপহৰণকাৰীৰ দলৰ পৰা দুই অপহৃত যুৱতী-কিশোৰীক উদ্ধাৰ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে এগৰাকী মহিলা সহ তিনি অপহৰণকাৰীক ৷ ধৃত অপহৰণকাৰী কেইজনৰ নাম ছিকন্দৰ আলী, টনৱীৰ আলম,ইদ্ৰিছ আলী আৰু খাইৰুণ নেছা ৷ খাইৰুণ নেছা নামৰ মহিলা গৰাকীক পশ্চিমবংগৰ পৰা গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আন তিনিজনক গ্ৰেপ্তাৰ কৰা হয় বিহাৰৰ পৰা ৷

Exit mobile version