Pakistan Government Imposes Dairy Tax:পাকিস্তান চৰকাৰে লগালে দুগ্ধকৰ, পেৰিছতকৈ দুগ্ধ মহঙা হ’ল কৰাচীত

PAK MILK TAX

Pakistan Government Imposes Dairy Tax:

পাকিস্তানত গাখীৰত নতুনকৈ কৰ আৰোপৰ পাছত ইয়াৰ মূল্য আকাশলংঘী হ’ল। পাকিস্তানত মূল্যবৃদ্ধিয়ে ইমানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে যে দেশখনত ডেইৰী উৎপাদিত সামগ্ৰীৰ মূল্য ফ্রান্স, অস্ট্রেলিয়া আৰু অন্যান্য বিকশিত দেশৰ তুলনাত অধিক হ’ল।

ব্লুমবৰ্গৰ বাতৰিত উল্লেখ কৰা অনুসৰি, ইউএইচটি দুগ্ধৰ মূল্য কৰাচীৰ ছুপাৰ মাৰ্কেটত প্রতি লিটাৰ ১.৩৩ ডলাৰ অৰ্থাৎ পাকিস্তানী মুদ্রাত ৩৭০ টকা হৈছে। এমষ্টাৰডামত এই দুগ্ধ ১.২৯ ডলাৰ, পেৰিছত ১.২৩ ডলাৰ আৰু মেলবৰ্নত ১.০৮ ডলাৰ মূল্যত বিক্ৰী হৈছে।

যোৱা সপ্তাহত পাকিস্তান চৰকাৰে ৰাষ্ট্ৰীয় বাজেটত পেকেটত উপলব্ধ দুগ্ধত ১৮ শতাংশ কৰ আৰোপ কৰিছিল। পূৰ্বে দেশখনৰ বজাৰত পেকেটৰ গাখীৰ কৰমুক্ত আছিল। চৰকাৰে কৰ আৰোপ কৰাৰ পাছত খুচুৰা বজাৰত পেকেটৰ গাখীৰৰ মূল্য ২৫ শতাংশলৈকে বৃদ্ধি পালে ৷

Exit mobile version