President Biden may Withdraw from the US Presidential Election:মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্ব্বিতাৰ পৰা আঁতৰিব পাৰে ৰাষ্ট্ৰপতি বাইডেন !

BAIDEN

President Biden may Withdraw from the US Presidential Election:

মাৰ্কিন যুক্তৰাষ্ট্ৰত চলিতৰ বৰ্ষৰ পাঁচ নৱেম্বৰত অনুষ্ঠিত হ’বলগা ৰাষ্ট্ৰপতি নির্বাচনৰ পূৰ্বে এক গুৰুত্বপূৰ্ণ বাতৰি প্ৰকাশ পালে। ৰাষ্ট্ৰপতিৰ আসন্ন নির্বাচনত ডেম’ক্রেটিক দলৰ হৈ প্রতিদ্বন্দ্বিতাৰ পৰা আঁতৰিব পাৰে বৰ্তমানৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে।

অলপতে সম্পন্ন হোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বিতৰ্কত অংশ লৈ বাইডেনে প্রতিদ্বন্দ্বী ড’নাল্ড ট্রাম্পৰ হাতত পৰাজিত হৈছিল। এই বিতৰ্কৰ ফলাফল প্রকাশৰ পাছৰে পৰা ডেম’ক্রেটিক দলৰ লগতে আমেৰিকাৰ সংবাদ মাধ্যমেও বাইডেনক প্রতিদ্বন্দ্বিতাৰ পৰা আঁতৰি যাবলৈ হেঁচা দিছে ৷

কিন্তু বাইডেনে স্পষ্ট কৰি কৈছিল যে কোনো কাৰণতে তেওঁ প্রার্থিত্ব প্ৰত্যাহাৰ নকৰে। শেহতীয়া বাতৰি অনুসৰি, বাইডেনে ৰাষ্ট্ৰপতিৰ আসন্ন নিৰ্বাচনৰ দৌৰৰ পৰা প্ৰস্থান কৰিব পাৰে। মূলতঃ বয়স বৃদ্ধিৰ কাৰণত বাইডেনক নির্বাচনত পুনৰ প্ৰতিদ্বন্দ্বিতাৰ বাবে যোগ্য নহয় বুলি বিভিন্ন পক্ষই মত প্রকাশ কৰিছে।

হাৱাই প্ৰদেশৰ গৱৰ্ণৰ জ’ছ গ্রীণে সদৰী কৰি কয় যে বাইডেনে অহা এক-দুদিনৰ ভিতৰত সিদ্ধান্ত গ্রহণ কৰিব যে তেওঁ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰিব নে নকৰে। অৱশ্যে বাইডেনে আনুষ্ঠানিকভাৱে প্ৰতিদ্বন্দ্বিতাৰ পৰা আঁতৰি যোৱাৰ কোনো ইংগিত বর্তমানলৈকে দিয়া নাই। গৱৰ্ণৰ গ্ৰীণে ‘দ্য এছ’চিয়েটেড প্ৰেছ’ৰ আগত সদৰী কৰা অনুসৰি, বাইডেনে যদি নির্বাচনী দৌৰৰ পৰা প্ৰস্থানৰ সিদ্ধান্ত লয় তেন্তে তেওঁৰ স্থানত ডেম’ক্রেটিক পার্টিৰ প্ৰাৰ্থী হিচাপে উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ নাম মনোনীত কৰা হ’ব।

গ্রীণে ক’লে, ‘যদি ৰাষ্ট্ৰপতিয়ে অনুভৱ কৰে যে বাস্তৱত তেওঁ আসন্ন নির্বাচনত জয়লাভ কৰিব নোৱাৰিব, তেন্তে তেওঁ নির্বাচনী দৌৰৰ পৰা প্ৰস্থান কৰিব। হয়তো আগন্তুক এদিন- দুদিনৰ ভিতৰতে আমি ৰাষ্ট্ৰপতিৰ সিদ্ধান্তৰ বিষয়ে জানিব পাৰিম। যদি বাইডেনে প্রস্থান কৰে, তেন্তে ডেম’ক্রেটিক দলে উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছক ৰাষ্ট্ৰপতি পদৰ বাবে প্রার্থিত্ব প্রদান কৰিব।’

৮১ বছৰ বয়সীয়া বাইডেনৰ জনপ্রিয়তা বিভিন্ন সমীক্ষাত যথেষ্ট হ্রাস পাইছে যদিও ৰাষ্ট্ৰপতিৰ আসন্ন নির্বাচনত ড’নাল্ড ট্রাম্পৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতাৰ ক্ষেত্ৰত বাইডেন বর্তমানলৈকে অটল হৈ আছে।

Exit mobile version