Rahul Gandhi to visit Manipur:হিংসাজৰ্জৰ মণিপুৰলৈ লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী

কাছাৰৰ ফুলেৰতল আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি মণিপুৰী শৰনাৰ্থীৰে মতবিনিময়, জিৰিবামত স্থলপথৰে উপস্থিত হৈ স্থানীয় লোকৰে বাৰ্তালাপ কংগ্ৰেছ নেতা গৰাকীৰ

rahul 1

Rahul Gandhi to visit Manipur:

লোকসভাৰ বিৰোধী দলপতি তথা শীৰ্ষ কংগ্ৰেছ নেতা ৰাহুল গান্ধী সোমবাৰে পুৱাতে মণিপুৰ যোৱাৰ উদ্দেশ্যৰে শিলচৰ বিমান বন্দৰত উপস্থিত হয় ৷ বিমানবন্দৰত এপিচিচি সভাপতি ভূপেন বৰা সহ কংগ্ৰেছ নেতা সকলে উস্ম আদৰণি জনায় ৷

ইয়াৰ পৰা ৰাহুল গান্ধী স্থল পথেৰে ৰাওনা হয় কাছাৰৰ লক্ষীপুৰলৈ | লক্ষীপুৰৰ ফুলেৰতলত শৰনাৰ্থী হিচাপে আশ্ৰয় শিবিৰত থকা জিৰিবামৰ মেইটেই লোকসকলৰ স’তে মতবিনিময় কৰি তেওঁলোকৰ অৱস্থাৰ বুজ লয় ৷ তাৰ পৰা পোনেপোনে স্থল পথৰে কাছাৰ জিলাৰ সীমান্তৱৰ্তী মণিপুৰৰ জিৰিবামত উপস্থিত হৈ স্থানীয় লোকসলক সৈতে বাৰ্তালাপ কৰে ৷ জিৰিৰামত কিছু সময় অতিবাহিত কৰি পুনৰ ঘূৰি আহে শিলচৰ বিমান বন্দৰলৈ ৷ বিমান বন্দৰৰ পৰা বিশেষ বিমানেৰে মণিপুৰৰ ইম্ফললৈ ৰাওনা হয় কংগ্ৰেছৰ প্ৰাক্তন সভাপতি গৰাকী।

শিলচৰতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বৰ যোৱা এটা দলে ৰাহুল গান্ধীক সাক্ষাৎ কৰি অসমৰ বানপানী সন্দৰ্ভত প্ৰদান কৰে এখন স্মাৰকপত্ৰ পত্ৰ ৷ স্মাৰক পত্ৰক উল্লেখ কৰে যে ,অসমৰ বানপানীৰ পৰিস্থিতি সম্পৰ্কত সদনতউদ্থাপনৰ বাবে আহ্বান জনায়।

আনহাতে,বিৰোধী দলপতি তথা সাংসদ ৰাহুল গান্ধী মণিপুৰত উপস্থিত হোৱাৰ পূৰ্বে সোমবাৰে পুৱতি নিশা জিৰিবামত মণিপুৰ আৰক্ষী আৰু কুকিৰ মাজত প্ৰচণ্ড গুলীচালনাৰ ঘটনা সংঘটিত হয়। দুৰ্বৃত্তই জ্বলাই দিয়ে বহুকেইটা বাসগৃহ ৷ ইতিমধ্যে এই ঘটনাক লৈ জিৰিবাম জিলাত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে।

Exit mobile version