Richest RS MP has not bought a single saree in 30 years:বিগত ত্ৰিশবছৰে এখনো শাড়ী ক্ৰয় নকৰা ৰাজ্যসভাৰ ধনাঢ্য সংসদ গৰাকী

SUDHA

Richest RS MP has not bought a single Saree in 30 years:

ইনফ’ছিছৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তিৰ পত্নী তথা সদ্য বিদায়ী ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি ছুনাক শাহুৱেক সুধা মূর্তিয়ে সম্প্রতি এক সাক্ষাৎকাৰত সদৰী কৰা অনুসৰি, তেওঁ বিগত ৩০ বছৰে এখনো নতুন শাড়ী ক্রয় কৰা নাই।

সাধাৰণতে মহিলাসকলে বজাৰ-সমাৰ বিশেষকৈ সাজ-পোছাক ক্ৰয় কৰি ভাল পায়। যদি মহিলাগৰাকী ধনাঢ্য হয়, তেন্তে সেই মহিলাৰ পোছাক ক্রয়ৰ প্রতি বিশেষ আকর্ষণ স্বাভাবিকতে প্রত্যক্ষ হয়। কিন্তু এই ক্ষেত্রত সম্পূর্ণ ব্যতিক্ৰম ৰাজ্যসভাৰ সাংসদ, উদ্যোগপতি তথা সমাজকর্মী সুধা মূর্তি।

ফ’ৰ্বছৰ তথ্য অনুসৰি নাৰায়ণ মূৰ্তিৰ মুঠ সম্পত্তিৰ পৰিমাণ ৪.৪ বিলিয়ন ডলাৰ অর্থাৎ প্রায় ৩৬,৬৯০ কোটি টকা। আনহাতে, সুধাৰ সম্পত্তিৰ পৰিমাণ ৭৭৫ কোটি টকা। কিন্তু অগাধ সম্পত্তিৰ গৰাকী হোৱাৰ পাছতো এইগৰাকী মহিলাই যোৱা তিনি দশকত ক্ৰয় কৰা নাই এখনো শাড়ী

সুধাই কেবল শাড়ীহে পৰিধান কৰে। কিন্তু কিয় ৩০ বছৰে শাড়ী ক্রয় কৰা নাই সুধাই ? ইয়াৰ কাৰণ হৈছে ৩০ বছৰ পূৰ্বে সুধাই বাৰানসীলৈ যাওতে গংগাত পুণ্য স্নান কৰিছিল আৰু সেই সময়ত তেওঁ বাৰানসীত নিজৰ এক প্রিয় সামগ্রী ত্যাগৰ সিদ্ধান্ত লৈছিল। সুধাই সাজ-পোছাক ক্ৰয় কৰি বৰ ভাল পাইছিল আৰু সেয়েহে তেওঁ গংগাত স্নান কৰাৰ সময়ত শাড়ী ক্ৰয় কৰাৰ চখ ত্যাগৰ সংকল্প লৈছিল ৷

এই সংকল্প অটুট ৰাখি যোৱা ৩০ বছৰে তেওঁ ক্রয় কৰা নাই নতুন শাড়ী। সুধাৰ আন এক প্রিয় অভ্যাস হৈছে গ্রন্থ অধ্যয়ন কৰা আৰু তেওঁৰ পুথিভঁৰালত আছে ২০ হেজাৰৰ অধিক গ্রন্থ।

Exit mobile version