11 people have been killed in a landslide in an Indonesian gold mine:ইণ্ডোনেছিয়াৰ সোণৰ খনিত ভূস্খলনত ১১ জন লোকৰ মৃত্যু

২০ জন সন্ধানহীন

indonesia

11 people have been killed in a landslide in an Indonesian gold mine:

ইণ্ডোনেছিয়াৰ চুলাবেচি দ্বীপত ধাৰাসাৰ বৃষ্টিপাতৰ কাৰণত সোণৰ এটা অবৈধ খনিত হোৱা ভূস্খলনৰ ঘটনাতকমেও ১১ জন লোকৰ মৃত্যু হ’ল।
স্থানীয় প্রশাসনে সদৰী কৰি জনোৱা অনুসৰি সোণৰ উক্ত অবৈধ খনিত দেওবাৰে প্রায় ৩৩ জন স্থানীয় শ্ৰমিকৰ কাম কৰি থকাৰ সময়তে আশে-পাশে থকা পাহাৰৰ ভূমি খহি পৰাত ধ্বংসস্তূপত আবদ্ধ হৈছিল। পাছত প্রশাসনে অভিযান চলাই আজি দুপৰীয়ালৈকে ১১ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰে। উদ্ধাৰকাৰীৰ দলে আন ২০ জন লোকৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।

Exit mobile version