Fehujali A New Drwn:বেংগালুৰু চুটি ছবি মহোৎসৱ ২০২৪ত ‘অফিচিয়েল চিলেকচন’ বঁটা লাভ ‘ফেহুজালি, এ নিউ ডন’ৰ

fehujali 2

Fehujali A New Drwn:

অসমৰ ডিজিপি আৰু আই.পি.এছ ড:পাৰ্থসাৰথি মহন্তৰ চিত্ৰনাট্য আৰু পৰিচালিত ‘ফেহুজালি, এ নিউ ডন’ নামৰ তথ্যচিত্ৰ খনে কৰ্ণাটক চৰকাৰৰ উদ্যোগত অতি সম্প্রতি অনুষ্ঠিত হোৱা ত্রয়োদশ বেংগালুৰু চুটি ছবি মহোৎসৱ ২০২৪ত ‘অফিচিয়েল চিলেকচন’ বঁটা লাভ কৰিছে।

এই তথ্যচিত্রখনে উক্ত মহোৎসৱত ‘শ্রেষ্ঠ চিত্রনাট্য’ৰ বঁটাও লাভ কৰিছে। ইয়াৰ পূৰ্বে এই তথ্যচিত্ৰখনে জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ আৰু দিল্লী চুটি চলচ্চিত্র মহোৎসৱত ‘শ্রেষ্ঠ তথ্যচিত্র’ বঁটা লাভ কৰিছিল।

শেহতীয়াকৈ ভাৰত চৰকাৰৰ এন এফ ডি চিৰ উদ্যোগত অনুষ্ঠিত হোৱা মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱতো ‘ফেহুজালি’ প্রদর্শন হৈছে ।

Exit mobile version