Education department employee arrested for taking bribe in Dhemaji:ধেমাজিত দুৰ্নীতি নিবাৰকৰ জালত চৰকাৰী কৰ্মচাৰী

উংকোচ লওতেই হাতেলোটে আটক ধেমাজি বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শকৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক

bribes

Education department employee arrested for taking bribe in Dhemaji:

উৎকোচ লৈ ইজনৰ পাছত সিজনকৈ চৰকাৰী বিষয়া – কৰ্মচাৰী দুৰ্নীতি নিবাৰকৰ জালত পৰাৰ পাছতো খক কমা নাই ধুৰন্ধৰ ঘোচখোৰ সকলৰ ৷

আজি পুনৰ ঘোচ লৈ হাতেলোটে আটক হ’ল এজন চৰকাৰী কৰ্মচাৰী ৷ শিক্ষামন্ত্ৰী ডা:ৰণোজ পেগুৰ গৃহ সমষ্টি ধেমাজীত শিক্ষা বিভাগৰ এজন কৰ্মচাৰীয়ে উৎকোচ লওঁতেই জালত পৰে দুৰ্নীতি নিবাৰকৰ ৷

ধেমাজি বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শকৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক দিগন্ত গগৈয়ে বৰদলনিৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰা লৈছিল উৎকোচ ৷ এই বিষয়ে অৱসৰপ্ৰাপ্ত শিক্ষক আগতিয়াকৈ জনাই থৈছিল দুৰ্নীতি নিবাৰক বিভাগক ৷

সেই অনুসৰি আজি উৎকোচ ধন ঘোচখোৰ জ্যেষ্ঠ সহায়ক জনে অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰা লওঁতেই পূবৰে পৰা খাপপিটি থকা দুৰ্নীতি নিবাৰক শাখাই হাতেলোটে গ্ৰেপ্তাৰ কৰে ৷

উল্লেখ্য যে,ধৃত কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক দিগন্ত গগৈয়ে যিকোনো কামত শিক্ষক- কৰ্মচাৰীৰ পৰা উৎকোচ বিচৰাটো নিয়মত পৰিণত হৈছিল ৷ এই ক্ষেত্ৰত বহু অভিযোগ সময়ে সময়ে উদ্থাপিত হৈ আহিছিল ৷

Exit mobile version