Ghagrapar Incident:ঘগ্ৰাপাৰত পানীত পৰি কৰুণ মৃত্যু ছাত্ৰীৰ

খেতি পথাৰত মাতৃলৈ জলপান দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি ছাত্ৰী গৰাকীৰ

student dead

Ghagrapar Incident:

ঘগ্ৰাপাৰত পানীত পৰি কৰুণ মৃত্যু ছাত্ৰীৰ | নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ঘোৱাৰকুছি গাঁওৰ নিৱাসী বিপিন বৰ্মন আৰু অনিমা বৰ্মনৰ জীয়াৰী তথা দশম শ্ৰেণীৰ ছাত্ৰী ভূপালী বৰ্মনৰ আজি পানীত পৰি অকাল মৃত্যু হোৱা ঘটনাই অঞ্চল জুৰি শোকৰ ছাঁ পৰে |

উল্লেখযোগ্য যে ঘগ্ৰাপাৰ হাইস্কুলত দশম শ্ৰেণীত অধ‍্যয়ন কৰি থকা ছাত্ৰী গৰাকীয়ে ঘৰৰ কাষতে থকা খেতি পথাৰত মাতৃলৈ বুলি জলপান দিবলৈ যায় থকা অৱস্থাত কাষতে থকা এটি পুখুৰীত পৰি অকাল বিয়োগ হয় । স্থানীয় ৰাইজে জানটোত জাল মাৰি বহু পিছত ছাত্ৰী গৰাকীৰ উদ্ধাৰ কৰি লগে লগে চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ।ঘটনা স্থলীত ইতিমধ্যে আৰক্ষী প্রশাসনৰ লোক উপস্থিত হৈছে |

Exit mobile version